কামৰূপ জিলাৰ বকোত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বনগাঁও আঞ্চলিকৰ অন্তৰ্গত কাহিবামা প্ৰাথমিক শাখাৰ উদ্যোগত কাহিবামা গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত জন্ম জয়ন্তী উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে কাহিবামা প্ৰাথমিক শাখাৰ সভাপতি বিলেশ্বৰ ৰাজবংশীয়ে।ইয়াৰ পিছতে গাঁৱখনত ভাগৱত ভ্ৰমণ কাৰ্যসূচী মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সদস্য ভৱানন্দ দাসে।ভাগৱত ভ্ৰমণৰ সময়ত গাঁৱৰ প্ৰতিটো পৰিয়ালে নিজ নিজ পদূলিত শৰাই ,গামোচা আগবঢ়াই ৰাইজক সেৱা জনায় ।শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰা ভক্তপ্ৰাণ লোকে জাতীয় সাজ পোছাক পৰিধান কৰাৰ উপৰিও অধিক সংখ্যক মহিলাই ঘৰত বোৱা সাজ-পাৰ পৰিধান কৰি জন্ম জয়ন্তীক বিশেষ মাত্ৰা প্ৰদান কৰে ।উল্লেখযোগ্য যে বকোৰ কাহিবামা গাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰটো প্ৰয়াত ধৰ্মেশ্বৰ মেধিয়ে নিজৰ মাটি দান দি প্ৰতিষ্ঠা কৰিছিল।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক