কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত হোৱা উত্তৰ-পূব সমবায় দুগ্ধ সন্মিলন 2022 ত প্ৰতিষ্ঠানগত বিক্ৰীৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীক ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (এনচিডিএফআই) বঁটা প্ৰদান কৰে।৭ অক্টোবৰত গেংটকত অনুষ্ঠিত পূব আৰু উত্তৰ পূব সমবায় দুগ্ধ সন্মিলন ২০২২ৰ শুভ উদ্ধোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।ছিকিম সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডৰ সহযোগত আৰু ছিকিম চৰকাৰৰ সমৰ্থনত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন (এনচিডিএফআই)ৰ দ্বাৰা এই সন্মিলনৰ আয়োজন কৰা হৈছিল। এনচিডিএফআইৰ অধ্যক্ষ মংগল জিত ৰায়ে সমবায় দুগ্ধজাত সামগ্ৰীৰ সমৰ্থনৰ বাবে ছিকিম চৰকাৰৰ হস্তক্ষেপৰ কথা উল্লেখ কৰে, বিশেষকৈ ছিকিমৰ গাখীৰ উৎপাদকসকলক চৰকাৰে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যি বিশেষ incentive প্ৰদান কৰিছে, যি ছিকিমক উচ্চ বিকাশৰ পথত প্ৰৱেশ কৰাত সহায় কৰিছে।এই অনুষ্ঠানত ছিকিম মিল্ক ইউনিয়নে প্ৰথম স্থান, পূৰবী ডেইৰী (পশ্চিম অসম গাখীৰ উৎপাদক সমবায় ইউনিয়ন লিমিটেড)য়ে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে মাদাৰ ডেইৰী কলকাতাই তৃতীয় স্থান লাভ কৰে।অনুষ্ঠানটোত সুধা (বিহাৰ), মেধা (ঝাৰখণ্ড), ওমফেড (উৰিষ্যা), ভাগিৰাধি (পশ্চিম বংগ) আৰু ডিমুল (নাগালেণ্ড)কো সক্ৰিয় অংশগ্ৰহণ বঁটা প্ৰদান কৰা হয়। ৱামুলৰ অধ্যক্ষ মীনেশ শ্বাহ আৰু পৰিচালনা সঞ্চালক এছ বি বসুৱে অমিত শ্বাহৰ পৰা বঁটা গ্ৰহণ কৰিছিল।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি