কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত হোৱা উত্তৰ-পূব সমবায় দুগ্ধ সন্মিলন 2022 ত প্ৰতিষ্ঠানগত বিক্ৰীৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীক ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (এনচিডিএফআই) বঁটা প্ৰদান কৰে।৭ অক্টোবৰত গেংটকত অনুষ্ঠিত পূব আৰু উত্তৰ পূব সমবায় দুগ্ধ সন্মিলন ২০২২ৰ শুভ উদ্ধোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।ছিকিম সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডৰ সহযোগত আৰু ছিকিম চৰকাৰৰ সমৰ্থনত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন (এনচিডিএফআই)ৰ দ্বাৰা এই সন্মিলনৰ আয়োজন কৰা হৈছিল। এনচিডিএফআইৰ অধ্যক্ষ মংগল জিত ৰায়ে সমবায় দুগ্ধজাত সামগ্ৰীৰ সমৰ্থনৰ বাবে ছিকিম চৰকাৰৰ হস্তক্ষেপৰ কথা উল্লেখ কৰে, বিশেষকৈ ছিকিমৰ গাখীৰ উৎপাদকসকলক চৰকাৰে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত যি বিশেষ incentive প্ৰদান কৰিছে, যি ছিকিমক উচ্চ বিকাশৰ পথত প্ৰৱেশ কৰাত সহায় কৰিছে।এই অনুষ্ঠানত ছিকিম মিল্ক ইউনিয়নে প্ৰথম স্থান, পূৰবী ডেইৰী (পশ্চিম অসম গাখীৰ উৎপাদক সমবায় ইউনিয়ন লিমিটেড)য়ে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে মাদাৰ ডেইৰী কলকাতাই তৃতীয় স্থান লাভ কৰে।অনুষ্ঠানটোত সুধা (বিহাৰ), মেধা (ঝাৰখণ্ড), ওমফেড (উৰিষ্যা), ভাগিৰাধি (পশ্চিম বংগ) আৰু ডিমুল (নাগালেণ্ড)কো সক্ৰিয় অংশগ্ৰহণ বঁটা প্ৰদান কৰা হয়। ৱামুলৰ অধ্যক্ষ মীনেশ শ্বাহ আৰু পৰিচালনা সঞ্চালক এছ বি বসুৱে অমিত শ্বাহৰ পৰা বঁটা গ্ৰহণ কৰিছিল।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন