গুৱাহাটী বিশ্ববিদ্যালয়ে বছৰজোৰা মহাৰজত জয়ন্তীৰ উদযাপনৰ লগত সংগতি ৰাখি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ত: বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰে ।বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভনী হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্জ্বলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে কাৰ্যসূচী উদ্বোধন কৰি কয় যে: বিশ্ববিদ্যালয়খনৰ চলি থকা বছৰজোৰা মহাৰজত জয়ন্তী উদযাপনৰ অংশ হিচাপে বিশেষভাৱে বিশ্ববিদ্যালয়খনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰাটো এক অতি আনন্দৰ কথা। অধ্যাপক সন্দিকৈয়ে আৰু কয় যে আমি বিশেষকৈ ছাত্ৰ সমাজৰ মাজত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো উত্থাপন কৰিব লাগিব আৰু সকলোৱে ভাবিব লাগিব যে তেওঁলোক ব্যৱস্থাটোৰ এক অবিচ্ছেদ্য অংশ হিচাপে জলবায়ু সংকটৰ ওপৰত কাম কৰিব লাগিব। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ ।প্ৰতিযোগিতাৰ অধ্যক্ষ হিচাপে উপস্থিত থাকে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, অসমৰ অধ্যক্ষ ডাঃ অৰূপ কুমাৰ মিশ্ৰ, বিচাৰক হিচাপে উপস্থিত থাকে দ্য আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক শ্ৰী পি. জে বৰুৱা,বিশিষ্ট তৰ্কিক, সমাজসেৱী দিগন্ত বিশ্বশৰ্মা আৰু পাটনা আই. আই.টিৰ সহকাৰী অধ্যাপিকা ড০ মেঘনা দত্ত । ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কস্তুৰী চুতীয়াক শ্ৰেষ্ঠ তাৰ্কিক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৰ্চিতা কাশ্যপ আৰু কটন বিশ্ববিদ্যালয়ৰ ত্ৰিদিব ভগবতী ক্ৰমে ১ম ৰানাৰ্ছ আপ আৰু ২য় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ আশীষ বৰুৱা আৰু কস্তুৰী চুতীয়াক শ্ৰেষ্ঠ দল, কটন বিশ্ববিদ্যালয়ৰ ত্ৰিদিব ভগবাতি আৰু সুদৰ্শন শৰ্মাক ১ম ৰানাৰ্ছ আপ, নীলাঞ্জনা পৰাশৰ আৰু অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ নিস্কামানা অচমীয়াক ২য় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্রকল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা