ড০ ভূপেন হাজৰিকা স্মৃতি সুৰক্ষা সমিতি উপৰহালীৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ৫ নৱেম্বৰত উপৰহালীস্থিত চিলাৰায় ভৱনত দিনযোৰা কাৰ্যসুচীৰে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ বৰ্ষ মৃত্যু দিৱস উদযাপন কৰে। উক্ত দিনা ৯ বজাত পতাকা উত্তোলন কৰে স্মৃতি সুৰক্ষা সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ তালুকদাৰে ইয়াৰ পিছতে বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন ও শ্ৰৰ্দ্ধাঞ্জলি প্ৰদান কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি অজিত চন্দ্ৰ ঠাকুৰীয়া আৰু উপদেষ্টা গজিন ঠাকুৰীয়াই। ১০.৩০ বজাত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পিছতে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। ১১ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১১.৩০ বজাত সমাজসেৱক নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ মুকলি কৰা ‘ড০ ভূপেন হাজৰিকাৰ সংগীত দৰ্শন’ শীৰ্ষক আলোচনা চক্ৰখন সঞ্চালনা কৰে উপৰহালী প্ৰগতি সাহিত্য সভাৰ সভাপতি ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই। আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড০ জগদীশ পাটগিৰি, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অবিভক্ত ধীৰেণ শৰ্মা, দক্ষিণ কামৰূপ সাহিত্য কলা-সংস্কৃতি মঞ্চৰ সভাপতি গণেশ্বৰ চহৰীয়া, আই.টি.ডি.পিৰ কামৰূপ(গুৱাহাটী)ৰ অধ্যক্ষা লাৱণ্য বড়ো উপস্থিত থাকি ড০ হাজৰিকাৰ অসমীয়া সমাজ জীৱনলৈ থকা অন্যবাদ্য অৱদান বিষয়ে বক্তব্য প্ৰদান কৰে। লগতে আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ড০ হাজৰিকাৰ প্ৰতিটো গীতৰ মাজত সমাজৰ বিভিন্ন দিশ পোৱা যায় উপস্থিত বক্তাসকলে ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাখনৰ সঞ্চালনাক ড০ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই ড০ হাজৰিকাৰ গীত সমূহৰ মাজত সমাজৰ বিভিন্ন কথা সন্নিবিষ্ট থকা বুলি কৈ সুধাকণ্ঠ উপাধি আনন্দ চন্দ্ৰ বৰুৱাই দিছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। সমুহ কাৰ্যসূচীৰ আঁতধৰে স্মৃতি সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক ধনেশ্বৰ তালুকদাৰে। শেষত কাৰ্যকৰী সভাপতি অশ্বিনী কুমাৰ তালুকদাৰে শলাগৰ শৰাইৰ আগবঢ়োৱাৰ পিছতে ধনীৰাম ৰাভা, কবিতা ৰাণী দাস তালুকদাৰ, প্ৰিয়নাথ তালুকদাৰ, পৰমানন্দ দাস, ৰাধিকা দাস, কৃষ্ণ কান্ত দাসৰ লগতে উপস্থিতি সকলোৱে ড০ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ কালজয়ী গীত পৰিবেশন কৰি অনুষ্ঠানৰ সফল সামৰণী পৰে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান