গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত এতিয়াৰে পৰা বাহিৰৰ পৰা অহা দেশ-বিদেশৰ যাত্ৰী, পৰ্যটক সকলে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত থলুৱা কিন্তু স্বাস্থ্যৰ উপযোগী খাদ্যৰ জুতি লব পাৰিব। বিশেষকৈ বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ এলে যাত্ৰী সকলৰ বহুমূলীয়া মতামতৰ ওপৰত আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি সদায় গুৰুত্ব আৰোপ কৰি অহা হৈছে। সেই উদেশ্যৰে প্ৰস্থান কক্ষৰ সন্মুখতে,৭ অক্টোবৰত অসমৰ পৰম্পৰাগত খাদ্যৰ এখন বিপণি লোকেল ফুডৰ শুভ উদ্বোধন কৰা হয়। বিপণিখনত যাত্ৰী সকলে অসমৰ পৰম্পৰাগত খাদ্য যেনে দৈ-চিৰা, জহাচাউলৰ ভজা ভাত, বাঁহৰ গাজৰে ৰন্ধা বিভিন্ন ব্যঞ্জন, ভোট জলকিয়াৰ আচাৰ, কোমল-চাউলৰ জলপান ইত্যাদিৰ জুতি ল’ব পাৰিব। এই বিপণিখন উদ্বোধনৰ আন এটা উল্লেখনীয় দিশ হৈছে যাত্ৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ অহা বিভিন্ন যাত্ৰীয়ে যেন বিমানকোঠতে অসমৰ থলুৱা পৰম্পৰাগত স্বাস্থ্যসন্মত খাদ্যৰ জুতি লৈ তৃপ্ত হ’ব পাৰে। আনহাতে বিপণিখন শুভ উদ্বোধন কৰে বিমানকোঠৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহাশীষ দত্ত আৰু বিমানকোঠৰ নিৰাপত্তাৰ দায়িত্বত চি আই এচ এফৰ কমাণ্ডেণ্ট লালমোহন ঠাকুৰে। অনুষ্ঠানত জি আই এ এলৰ বহু বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন