গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত এতিয়াৰে পৰা বাহিৰৰ পৰা অহা দেশ-বিদেশৰ যাত্ৰী, পৰ্যটক সকলে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত থলুৱা কিন্তু স্বাস্থ্যৰ উপযোগী খাদ্যৰ জুতি লব পাৰিব। বিশেষকৈ বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড চমুকৈ জি আই এ এলে যাত্ৰী সকলৰ বহুমূলীয়া মতামতৰ ওপৰত আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি সদায় গুৰুত্ব আৰোপ কৰি অহা হৈছে। সেই উদেশ্যৰে প্ৰস্থান কক্ষৰ সন্মুখতে,৭ অক্টোবৰত অসমৰ পৰম্পৰাগত খাদ্যৰ এখন বিপণি লোকেল ফুডৰ শুভ উদ্বোধন কৰা হয়। বিপণিখনত যাত্ৰী সকলে অসমৰ পৰম্পৰাগত খাদ্য যেনে দৈ-চিৰা, জহাচাউলৰ ভজা ভাত, বাঁহৰ গাজৰে ৰন্ধা বিভিন্ন ব্যঞ্জন, ভোট জলকিয়াৰ আচাৰ, কোমল-চাউলৰ জলপান ইত্যাদিৰ জুতি ল’ব পাৰিব। এই বিপণিখন উদ্বোধনৰ আন এটা উল্লেখনীয় দিশ হৈছে যাত্ৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ অহা বিভিন্ন যাত্ৰীয়ে যেন বিমানকোঠতে অসমৰ থলুৱা পৰম্পৰাগত স্বাস্থ্যসন্মত খাদ্যৰ জুতি লৈ তৃপ্ত হ’ব পাৰে। আনহাতে বিপণিখন শুভ উদ্বোধন কৰে বিমানকোঠৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহাশীষ দত্ত আৰু বিমানকোঠৰ নিৰাপত্তাৰ দায়িত্বত চি আই এচ এফৰ কমাণ্ডেণ্ট লালমোহন ঠাকুৰে। অনুষ্ঠানত জি আই এ এলৰ বহু বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।
Trending
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক