গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই। জিন্টিমণি কলিতা নামৰ অসমৰ খেলুৱৈ গৰাকীয়ে ভাৰতীয় মহিলা ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলত স্থান লাভ কৰিছে।জানিব পৰা মতে অহা ১৩ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ ভাইজাগত বিচিচিআইৰ দ্বাৰা অনুষ্ঠিত হ’ব দুখন মেচ। এই মেচ দুখনত ভাৰতীয় মহিলা ক্ৰিকেট দলটো সমুখীন হ’ব শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ।এই দুয়োখন মেচত ভাৰতীয় মহিলা দলটোক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে অসম কন্যা জিন্টিমণি কলিতাই। জিন্টিমণি হৈছে লেফ্ট হেণ্ডেড বেটছমেন আৰু ফাষ্ট মিডিয়াম ৰাইট আৰ্ম বলাৰ।উল্লেখযোগ্য যে ২০০৩চনত জিন্টিমণিয়ে দৰঙৰ মঙলদৈত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা ক্ৰীড়া জগতখনৰ প্ৰতি আগ্ৰহী জিন্টিয়ে ২০১৭চনৰ পৰা ক্ৰিকেট প্ৰেকটিচ আৰম্ভ কৰিছিল।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন