অইল ইণ্ডিয়া লিমিটেডৰ চি এছআৰ আঁচনি অইল লক্ষ্য-ৰ উদ্যোগত আৰু চাবুৱা ক্ৰীড়া সন্থাৰ সহযোগত ডিব্ৰুগড় জিলাৰ চাবুৱা ত্ৰিনয়ন জ্যোতি সংঘ খেলপথাৰত যোৱা বুধবাৰে অইল লক্ষ্য ডেভলপমেণ্ট ফুটবল লীগ শুভাৰম্ভ হৈ যায়।ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মুঠ ৩৫ ফুটবল কেন্দ্ৰৰ ল’ৰা ১৩ আৰু ১৫ বছৰ অনুৰ্ধৰ শাখাত দেওহাল ফুটবল একাডেমীয়ে ইউনাইটেড চাবুৱা এফ চিক ১-০ গ’লত পৰাজিত কৰে।ইফালে ছোৱালী ১৫ বছৰ মাহমৰা ফুটবল ক’চিং চেণ্টাৰ শিৱসাগৰ দলে মাহমৰা ফুটবল ক’চিং চেণ্টাৰ চৰাইদেউ দলক ২-০ গ’লত পৰাজিত কৰে। উক্ত উদ্বোধনী অনুষ্ঠানতে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা এন. আই.এছ প্ৰশিক্ষক টচেন বড়াক এখনি চেলেংসহ জাপি আৰু স্মাৰকৰ লগতে কিছু মাননিয়ে তেখেতক সম্বৰ্ধনা জনোৱা হয়।ইফালে আজিৰ পৰা প্ৰতি শনিবাৰে আৰু দেওবাৰে সমান্তৰাল ভাৱে ৮ টা মণ্ডলত অনুষ্ঠিত হ’ব লগীয়া লীগখন প্ৰায় তিনিমাহ ধৰি অনুষ্ঠিত হৈ দুলিয়াজান নেহৰু ময়দানত চূড়ান্ত খেল সমূহ অনুষ্ঠিত হ’ব।এই লীগৰ পৰাই প্ৰায় ৪০ গৰাকী ১৫ বছৰ অনুৰ্ধৰ প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰি আমন্ত্ৰিত প্ৰশিক্ষকৰ দ্বাৰা উৎকৃষ্ট মানৰ বিনামূলীয়া এক আবাসীক প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰা হ’ব।উক্ত প্ৰশিক্ষণ শিবিৰ পৰা ২০ গৰাকী প্ৰতিভাৱান খেলুৱৈক চুবুৰীয়া ৰাজ্য মণিপুৰ অথবা মেঘালয়ৰ কিছু সংখ্যক প্ৰীতি মূলক খেলত অংশগ্ৰহণৰ উদ্দেশ্যে exposure tour লৈ নিয়া পৰিকল্পনা অইল লক্ষ্য য়ে হাতত লৈছে বুলি জানিবলৈ দিয়ে দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰৰ সাধাৰণ সম্পাদক ভৱেন চাংমায়ে।উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিভাগৰ চি. এছ. আৰ ৰ জ্যেষ্ঠ প্ৰবন্ধক নয়না মধু দত্ত,জনসম্পৰ্কৰক্ষী বিভাগৰ জ্যেষ্ঠ প্ৰবন্ধক নৱ দাস,অইল লক্ষ্য মূল পৰিচালনা কেন্দ্ৰ দুলীয়াজান ফুটবল ক’চিং চেণ্টাৰ সভাপতি তথা অসম ফুটবল সংস্থাৰ উপ সভাপতি ৰমেশ ফুকন,প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ স্বাধীন ডেকা ৰাজ্য, প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাদ্বয় অনিল বৰগোঁহাই,মঞ্জু শইকীয়া, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ আৰু ডিব্ৰুগড় চাবুৱাৰ ক্ৰীড়া সংগঠকসকল ।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা