সমাজ সেৱা আৰু সাহিত্যচর্চাক এক সুস্থ পৰিৱেশত আগবঢ়াই দিবলৈ সক্ষম হোৱা জ্যোতিষ্মান এখোজ আগলৈ শীৰ্ষক সংস্থাৰ প্ৰথমখন বাৰ্ষিক অধিবেশন মৰাণত আয়োজনৰ যো-জা কৰা হৈছে।১৩ নৱেম্বৰত মৰাণৰ টাই শিক্ষা আৰু গৱেষণা কেন্দ্ৰত এই বাৰ্ষিক অধিবেশনৰ অনুষ্ঠিত হ’ব।সংস্থাৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্রী মণিজ্যোতি বৰগোহাঞি আৰু সাধাৰণ সম্পাদিকা ৰুমী দত্তই এই কথা জনাইছে।এই বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি সাহিত্য-সংস্কৃতিক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।উল্লেখনীয় যে,ফেচবুক আদি সামাজিক মাধ্যমত যেতিয়া গদ্য-কবিতা আদিৰ চৰ্চা লেকাম বিহীন হৈ পৰিছে।এইবোৰৰ গুণগত মানদণ্ড তথা দায়বদ্ধতাকলৈ প্ৰশ্ন উত্থাপিত হৈছে, সেইখিনি সময়তে এচামে প্ৰগতিশীল তথা সমাজৰ প্ৰতি দায়বদ্ধ লেখক-লেখিকাৰ উদ্যোগত সামাজিক মাধ্যমত সাহিত্য সংস্কৃতিৰ চর্চাক সুস্থ ৰূপত প্ৰতিফলিত কৰাৰ লক্ষ্যৰে ২০২১ চনৰ ৬ ছেপ্টেম্বৰত জ্যোতিষ্মান এখোজ আগলৈ গোটটো আৰম্ভ হয়।পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ অসমীয়া ভাষা সাহিত্যৰ চৰ্চাত নতুনত্ব অনাৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষামূলক প্ৰয়াসো গোটটোৰ মজিয়াত পৰিলক্ষিত হৈ আহিছে।সাহিত্য চৰ্চা সমান্তৰালকৈ বিভিন্ন জন-হিতৈষী কাৰ্যৰে সমাজত অনুপ্ৰেৰণামূলক পৰিবেশ সৃষ্টিৰ লক্ষ্য সন্মুখত ৰাখি আৰম্ভ হোৱা জ্যোতিষ্মান এখোজ আগলৈ নামৰ গোটটো অতি কমসময়ৰ ভিতৰতে সাহিত্য অনুৰাগী মাজত জনপ্ৰিয় হৈ পৰে।অসমৰ ভিন্ন প্ৰান্তৰ চাৰি সহস্ৰাধিক অনুৰাগী থকা এই গোটটো বৰ্তমান অকল সামাজিক মাধ্যমৰ ভাৰ্চুৱেল পৃথিৱীখনতে আবদ্ধ হৈ থাকিব বিচৰা নাই।পাৰ্থিৱভাৱেও যাতে সাহিত্যচর্চা আৰু সমাজসেৱাক সুদূৰপ্ৰসাৰী তথা সৰ্বজন সমাদৃত কৰিব পৰা যায় তাৰ বাবে বিভিন্ন পৰিকল্পনা গোটটোৰ কৰ্মকর্তাসকলে হাতত হৈছে।তাৰেই এক অংশ হিচাপে মৰাণত অনুষ্ঠিত কৰিবলৈ লোৱা গোটটোৰ প্ৰথমখন বাৰ্ষিক অধিবেশন সাফল্যমণ্ডিত কৰাৰ বাবে স্থানীয় ৰাইজে তথা সংবাদমাধ্যমৰ সহযোগিতা কামনা কৰিছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী