ভাল খবৰ- নামঘোষা এতিয়া উপলব্ধ ব্ৰেইলী ভাষাত

0 174

প্ৰসংগ প্ৰণালী’ আৰু মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘নামঘোষা’ এতিয়া উপলব্ধ ব্ৰেইলী ভাষাত।দৃষ্টিহীন লোক সকলে পঢ়িব পৰাকৈ প্ৰসংগ প্ৰণালী মহাপুৰুষজনাৰ নামঘোষা গ্ৰন্থ দুখন ব্ৰেইলী ভাষাত লিখি উলিয়াইছে ধেমাজিৰ এগৰাকী যুৱতীয়ে।যুৱতীগৰাকীৰ নাম প্ৰতিভা বৰা। ঘৰ ধেমাজিৰ বৰদলনিত।প্ৰতিভা নিজেও দৃষ্টিহীন।গতিকে তেওঁ দৰে আন দৃষ্টিহীন লোকৰ সুবিধাৰ বাবে প্ৰতিভাই লিখি উলিয়ালে মহাপুৰুষ জনাৰ অনুপম সৃষ্টি।ধেমাজি কাছাৰী মৈদামত অনুষ্ঠিত অসম গ্ৰন্থমেলা বাকৰিত গ্ৰন্থখন অলপতে উন্মোচন হয়।

Leave A Reply

Your email address will not be published.