গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণীত বিগত বহুদিন ধৰি অব্যাহত আছে শালি ধানৰ ওপৰত বনৰীয়া হাতীৰ উপদ্ৰৱ। বিশেষকৈ সোঁণগুটি চপাই ঘৰলৈ অনাৰ বাবে কৃষক ৰাইজ সাজু হোৱাৰ সময়তে গাতে লাগি থকা অসম-মেঘালয় সীমান্তৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ পাহাৰ সমূহৰ পৰা সন্ধিয়াৰ পাছতে ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ধানৰ ওপৰত চলাই আহিছে অত্যাচাৰ। ধান খোৱাৰ লগতে হাতীয়ে গছকি নষ্ট কৰিছে বহু কৃষিভূমি। তথাপিও হাতীৰ উপদ্ৰৱ নেওচিও কৃষক ৰাইজ ব্যস্ত হৈ পৰিছে ধান কটা কাৰ্যত। বিশেষকৈ এফালে হাতীৰ ভয়তে বহুতে কিছু আগতীয়াকৈ ধান কটা আৰম্ভ কৰাৰ সমান্তৰালভাৱে তুলনামূলকভাৱে হাতীৰ উপদ্ৰৱ বা বিচৰণ কম হোৱা পথাৰ সমূহতো কৃষক ৰাইজে আৰম্ভ কৰিছে শালি ধান কটা পৰ্ব। এই সন্দৰ্ভত কৃষি কৰ্মৰ লগত জড়িত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ উদ্যমী ব্যক্তি তথা শালি ধান খেতিৰ বাবে বিখ্যাত ৰাণীৰ আন্ধেৰীজুলি পথাৰত বছৰ বছৰ ধৰি শালি ধানৰ খেতি কৰি অহা বলেশ্বৰ ৰংপীকে ধৰি অঞ্চলটোৰ একাংশ কৃষকে জানিবলৈ দিয়া মতে বিগত তিনিদিনমান আগৰে পৰা নীতি নিয়ম অনুসৰি মাংগলিক কাৰ্যৰ জৰিয়তে ধানৰ আগ লোৱাৰ পাছত ধান কটা কাম আৰম্ভ কৰিছে। বৰ্তমান কৃষক সকলে ধান সমূহ কাটি মুঠি কৰি পথাৰত ৰাখি থৈছে। তাৰ পৰা ধান কাটি থকাৰ মাজতে ঠেলা, অ’টোভান বা আন তেনে লঘু ধৰণৰ বাহনৰে কৃষক সকলে লখিমীৰূপী ধানক নিজ নিজ ঘৰলৈ লৈ আনিব। তাৰ পাছত গৰু, পাৱাৰ টিলাৰ বা টেক্টৰৰে মৰণা মাৰি অহা আঘোণ মাহত যাবতীয় ৰীতি-নীতি পৰম্পৰাৰে ভঁৰালত লখিমীক থৈ দিব। আনকি তাৰ মাজতে আঘোণ মাহত বহুতে নিজ ঘৰত পৰম্পৰাগতভাবে ন- খোৱা উৎসৱ পালন কৰি নতুন ধানৰ চাউলৰে লগে – ভাগে এসাজ খাব।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন