মিছন বসুন্ধৰা-১ ৰ সফলতাৰ পাছত মিছন বসুন্ধৰা-২ শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰা এই এই অভিযানৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৩২৯.১৯ কোটি টকাৰ অনুমোদন কৰিছে।খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটিৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা এই আঁচনিৰ জৰিয়তে চৰকাৰী মাটি, ভিলেজ গ্রেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেছনেল গ্ৰেজিং ৰিজাভৰ (পি জি আৰ) মাটিত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব।উল্লেখযোগ্য যে মাটিৰ পট্টা নথকাত দীর্ঘদিন ভি জি আৰ, পি জি আৰ বা চৰকাৰী মাটিত বসবাস কৰি অহাৰ পিছতো এই লোকসকলে বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত হৈ আছিল।মিছন বসুন্ধৰা-২ কাম অহা ৩১ ডিচেম্বৰলৈ চলিব। এই আঁচনিৰ দ্বাৰা জনজাতীয় লোকক স্থায়ী উত্তৰাধিকাৰী সূত্ৰে আৰু হস্তান্তৰযোগ্য অধিকাৰ প্ৰদানৰ বাবে ভূমি নীতি শিথিল কৰা হ’ব।ভূমি নীতি ২০১৯ শিথিল কৰি বিশেষকৈ চাহ, কফি আদি খেতি কৰা খেতিয়কৰ মাটি সম্পৰ্কীয় বিষয়বোৰ নিষ্পত্তি কৰা হ’ব। ভূমি ৰাজহ, স্থানীয় কৰ আৰু অন্যান্য মাচুল অনলাইন পৰিশোধৰ ক্ষেত্ৰত ই-খাজনাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি সংঘবদ্ধ ভূমি হস্তান্তৰ বাবে স্বয়ংক্রিয় নামজাৰি ব্যৱস্থা প্ৰৱর্তন কৰা হ’ব।ইয়াৰ উপৰি অস্থায়ীভাবে বসতি স্থাপন কৰা এলেকাৰ দখলদাৰী আৰু ৰায়তসকেল এই অভিযান কালতে অসম লোকসেবা প’ৰ্টেলৰ জৰিয়তে ভূমি স্বত্ব লাভ কৰিব পাৰিব।আনহাতে গুৱাহাটী চহৰ, পৌৰ এলেকা,ৰাজহ নগৰ আৰু গ্ৰামাঞ্চলত গৃহভূমি আৰু কৃষিভূমি প্রিমিয়ামৰ হাৰ এই অভিযান হ্রাস পাব।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক