মহান স্বাধীনতা যুঁজাৰু, সমাজ সংস্কাৰক বীৰছা মুণ্ডাৰ অতুলনীয় অৱদান, বীৰত্ব আৰু ত্যাগ যুগে যুগে অমৰ হৈ থাকিব: সর্বানন্দ সোণোৱাল

0 141

আজি দেশজুৰি উদযাপিত হোৱা জনজাতীয় গৌৰৱ দিৱসৰ অংশ হিচাপে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ত্ৰিপুৰাত। ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রথমে ধলাই জিলাৰ আমবাসাত উপস্থিত হৈ ৰাজ্যিক পৰ্যায়ৰ জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ
কৰে। ত্ৰিপুৰাৰ জনজাতীয় জনগণৰ উত্তৰণৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্রী মাণিক সাহাৰ সৈতে ত্ৰিপুৰা গ্রাম্য অর্থনৈতিক উন্নয়ন আৰু সেৱা প্ৰকল্পকে ধৰি চাৰিখন আঁচনিৰ শুভাৰম্ভ কৰে আৰু ত্ৰিপুৰা চৰকাৰৰ জনজাতীয় কল্যাণ বিভাগৰ সফলতাৰ পুস্তিকা উন্মোচন কৰে। ইয়াৰ পাছতেই সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী মাণিক সাহাৰ সৈতে উপস্থিত হয় খোৱাই জিলাত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত, য’ত তেওঁলোকে বীৰছা মুণ্ডাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত তেওঁলোকে কেইবাগৰাকীও বয়োজ্যেষ্ঠ লোকক সম্বৰ্ধনা জ্ঞাপন কৰে। দুয়োটা
অনুষ্ঠানতে সহস্রাধিক লোকে অংশগ্রহণ কৰে।মহান স্বাধীনতা যুঁজাৰু বীৰছা মুণ্ডালৈ পুণ্য জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জনাই কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়,বীৰছা মুণ্ডাই দেশপ্ৰেমৰ দৃষ্টান্ত দাঙি ধৰি ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ বিৰুদ্ধে জনজাতীয় লোকসকলক একত্ৰিত কৰিছিল আৰু স্বাধীনতা তথা অধিকাৰপ্ৰাপ্তিৰ হকে সংগ্ৰাম কৰিছিল। মহান স্বাধীনতা যুঁজাৰু, সমাজ সংস্কাৰক বীৰছা মুণ্ডাৰ অতুলনীয় অৱদান আৰু ত্যাগক চিৰযুগমীয়া কৰি ৰখাৰ বাবে মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত জনজাতীয় গৌৰৱ দিৱস দেশজুৰি উদযাপিত হৈ আহিছে। এয়া সমগ্র দেশবাসীৰ লগতে প্ৰতিগৰাকী জনজাতীয় লোকৰ বাবে গৌৰৱ আৰু মৰ্যাদাৰ বতৰা।
কিন্তু কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ যুঁজত জনজাতীয় লোকসকলৰ অৱদানক অতদিনে অৱহেলা আৰু উপেক্ষা কৰিহে ৰাখিছিল। জনজাতীয় লোকসকলক কংগ্ৰেছে শোষণ-নিষ্পেষণ কৰিছিল আৰু উন্নয়নৰপৰা আঁতৰাই ৰাখিছিল। মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰেহে জনজাতীয় লোকসকলৰ অৱদান আৰু ত্যাগক প্রকৃত স্বীকৃতি আৰু সন্মান দিছে।লগতে সোণোৱালে কয়,এজন জনজাতীয় লোক হিচাপে ময়ো আজি গৌৰৱান্বিত। মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনজাতীয় সম্প্রদায়সমূহে সর্বাংগীণ উন্নয়ন আৰু প্ৰাপ্য অধিকাৰ লাভ কৰিছে। আমাৰ চৰকাৰে মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস’ নীতিক
সাৰোগত কৰি জনজাতীয় লোকসকলৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপে জনজাতীয় সমাজৰ মাজত নতুন দিগন্তৰ সূচনা কৰিছে আৰু সর্বদিশতে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি। ভাৰতীয় জনতা পার্টি চৰকাৰৰ দিনত জনজাতিসমূৰ সবলীকৰণ আৰু সশক্তিকৰণৰ এক উজ্জ্বল নিদৰ্শন হৈছে মাননীয়া শ্রীমতী দ্রৌপদী মুর্মু ডাঙৰীয়ানী,যিয়ে দেশৰ জনজাতীয় ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।” তদুপৰি সোণোৱালে ত্ৰিপুৰা চৰকাৰে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ শলাগ লয় আৰু কয় যে, মাণিক সাহাৰ সবল নেতৃত্বত ত্ৰিপুৰাত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে লোৱা আঁচনিসমূহে জনজাতীয় সমাজৰ আৰ্থ-সামাজিক, ভাষিক, সাংস্কৃতিক সকলো দিশতে যথেষ্ট কল্যাণ সাধন কৰিছে।
আজিৰ অনুষ্ঠানত লগতে উপস্থিত থাকে ভাৰতীয় পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা উত্তৰ-পূব বিজেপিৰ সমন্বয়ক সম্বিত পাত্র, কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক প্ৰমুখ্যে ত্ৰিপুৰাৰ মন্ত্ৰী, সাংসদ, বিধায়কসকল, বিজেপিৰ বিষয়ববীয়া, কার্যকৰ্তাসকল আৰু কেইবাগৰাকীও মুক্তিযুঁজাৰু তথা তেওঁলোকৰ পৰিয়াল আৰু পদ্ম সন্মানপ্রাপ্ত কেইবাগৰাকীও ব্যক্তি।

Leave A Reply

Your email address will not be published.