পৰাক্ৰমী জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক পৱিত্ৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে পুৱা ঢকুৱাখনা নগৰত উলিওৱা হয় এক গণ সমদল । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত উলিওৱা হয় এই সমদল। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই গণ সমদলৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই । ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে ,সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস, ৰিমা কৌশিক, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্রধৰা, সন্থাৰ উপ সভাপতি প্রিয় ৰাম ফুকন, মহকুমা প্ৰশাসনৰ সমূহ কৰ্মচাৰী, ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় , জিলা ক্ৰীড়া সন্থা, স্বাস্থ্য বিভাগ , লখিমপুৰ জিলা টাইকোৱান্দু সন্থাৰ অধ্যক্ষ কৃষ্ণ চত্ৰধৰা, গাঁও প্ৰধান সকলৰ লগতে গৰিষ্ঠ সংখ্যক কৰ্মকর্তা আৰু ক্ৰীড়া প্ৰেমীৰ সহযোগিতাত উলিওৱা এই গণ সমদলে ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমন কৰি পুনৰ ৰাজহুৱা খেল পথাৰত কাৰ্যসূচীৰ সফল সামৰণি মাৰে।এই পবিত্ৰ দিৱস উপলক্ষ্যত ঢকুৱাখনা সদৰ থানা আৰু ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগতো পুৱা নগৰৰ কেন্দ্ৰ স্থল,থানা চৌহদত স্বচ্ছ ভাৰত অভিযান চলাই পৰিৱেশ নিকাকৰণ কৰা হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন