কামৰূপ জিলাৰ বকোত বিগত তিনিদিন ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান, চক্ৰ বিষয়াৰ কাৰ্যালয়, বকো আৰক্ষী থানা আদিকে ধৰি স্থানীয় যুৱক সকলৰ উদ্যোগত বিভিন্ন ধৰণে উদযাপন কৰা হৈছে অসম তথা অসমীয়া জাতিৰ মহাবীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী।বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বকো আৰক্ষী থানাৰ অন্তৰ্গত হাহিম আৰক্ষী চকী আৰু স্থানীয় যুৱকৰ উদ্যোগত ২৩ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতা। এই দিবা নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাখনি ২৩ নৱেম্বৰৰ দিনাৰ প্ৰথম খেল উদ্বোধন কৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাওখ্ৰন গাঁৱৰ জেষ্ঠ নাগৰিক উইলিয়াৰ্ড আৰ মাৰাকে।উদ্বোধনী খেলখনৰ প্ৰথমখন খেল অনুষ্ঠিত হয় অসম মেঘালয় দুই ৰাজ্যৰ আৰক্ষী উপ-পৰিদৰ্শকৰ দলৰ মাজত। খেলত অংশগ্ৰহণ কৰে বকো হাহিম আৰক্ষী চকীৰ উপ-পৰিদৰ্শক বিক্ৰম বসুমতাৰী আৰু মেঘালয়ৰ আঠিয়াবাৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক চেমুৱেল ডি চাংমাই। এই খেলখনত মুঠ ৩৭ টি দলে অংশগ্ৰহণ কৰে। ২৪ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে নিশা দিবা নৈশ দৈত বেডমিণ্টন প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়।এই চূড়ান্ত খেলখনত হাহিম আৰক্ষী চকীৰ হৈ অলকেশ কলিতাৰ দলে প্ৰথম পুৰস্কাৰ আৰু বকো আৰক্ষী থানাৰ হৈ ধীৰাজ কলিতাৰ দলে দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্যেখ্য যে এই খেলখনৰ প্ৰথম পুৰস্কাৰত আছে নগদ ধন ১০ হাজাৰ টকাৰ লগতে ট্ৰফী এটা আৰু দ্বিতীয় পুৰস্কাৰত আছে নগদ ধন ৫ হাজাৰ টকাৰ লগতে ট্ৰফী এটা। ইয়াৰ পিছতে পুৰস্কাৰ লাভ কৰা দুয়োটি দলকে হাহিম আৰক্ষী চকীৰ ফালৰ পৰা নগদ ধন, ট্ৰফী, মেডেল ও এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
Trending
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি