ঢকুৱাখনাৰ বিদ্যৎ সমাজৰ উদ্যোগত ঢকুৱাখনাবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষবোৰৰ দৰে ২০২২ বৰ্ষটো ঢকুৱাখনা গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। অহা ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ ঢকুৱাখনা ৰাজহুৱা খেল পথাৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সম্পাদক ভদ্ৰ গগৈয়ে জানিবলৈ দিয়া মতে প্ৰায় ৫ লাখ টকাৰ বাজেট গ্ৰহণ কৰি মুঠ ৮ খন উপ সমিতি গঠনেৰে গ্ৰন্থমেলাখন সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।এই গ্ৰন্থ মেলাৰ সৈতে সংগতি ৰাখি শিক্ষা আৰু সাংস্কৃতিক,সুকুমাৰ কলা আদি বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ লগতে মনোজ্ঞ কবি সন্মিলন অনুষ্ঠিত কৰা হ’ব। বহু কেইগৰাকী বিশিষ্ট কাব্য সাহিত্যিকে অংশ গ্ৰহণ কৰিব লগা গ্ৰন্থমেলাৰ মুখপত্ৰ “গ্ৰন্থ জ্যোতি” চতুৰ্থ সংখ্যা প্ৰকাশ কৰাৰ বাবে চেনিৰাম বৰুৱাক সভাপতি হিচাবে লৈ এখন সম্পাদনা সমিতি মূল সমিতিয়ে গঠন কৰি দিয়া বুলি জনা গৈছে।গ্ৰন্থ মেলা সমিতিৰ সম্পাদক ভদ্ৰ গগৈয়ে গ্ৰন্থ প্ৰেমী আৰু শিক্ষানুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰে গ্ৰন্থ মেলাখন সাফল্য মণ্ডিত কৰাৰ বাবে আহ্বান জনাইছে।
Trending
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা