ঢকুৱাখনাৰ বিদ্যৎ সমাজৰ উদ্যোগত ঢকুৱাখনাবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষবোৰৰ দৰে ২০২২ বৰ্ষটো ঢকুৱাখনা গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। অহা ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ ঢকুৱাখনা ৰাজহুৱা খেল পথাৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সম্পাদক ভদ্ৰ গগৈয়ে জানিবলৈ দিয়া মতে প্ৰায় ৫ লাখ টকাৰ বাজেট গ্ৰহণ কৰি মুঠ ৮ খন উপ সমিতি গঠনেৰে গ্ৰন্থমেলাখন সফলতাৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।এই গ্ৰন্থ মেলাৰ সৈতে সংগতি ৰাখি শিক্ষা আৰু সাংস্কৃতিক,সুকুমাৰ কলা আদি বিভিন্ন শিতানৰ প্ৰতিযোগিতাৰ লগতে মনোজ্ঞ কবি সন্মিলন অনুষ্ঠিত কৰা হ’ব। বহু কেইগৰাকী বিশিষ্ট কাব্য সাহিত্যিকে অংশ গ্ৰহণ কৰিব লগা গ্ৰন্থমেলাৰ মুখপত্ৰ “গ্ৰন্থ জ্যোতি” চতুৰ্থ সংখ্যা প্ৰকাশ কৰাৰ বাবে চেনিৰাম বৰুৱাক সভাপতি হিচাবে লৈ এখন সম্পাদনা সমিতি মূল সমিতিয়ে গঠন কৰি দিয়া বুলি জনা গৈছে।গ্ৰন্থ মেলা সমিতিৰ সম্পাদক ভদ্ৰ গগৈয়ে গ্ৰন্থ প্ৰেমী আৰু শিক্ষানুৰাগী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰে গ্ৰন্থ মেলাখন সাফল্য মণ্ডিত কৰাৰ বাবে আহ্বান জনাইছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন