‘বন্দে ভাৰতম নৃত্য উৎসৱ’ শিল্পগ্ৰামত উত্তৰ পূব মণ্ডলৰ শিল্পীৰ দলৰ মনোনয়নৰ বিশা‌ল প্ৰতিযোগিতাৰ অনুষ্ঠান

0 138

স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি গণৰাজ্য দিৱস ২০২৩ ত নতুন দিল্লীৰ পেৰেডৰ অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত প্ৰদৰ্শন হ’বলগীয়া শিল্পী আৰু সাংস্কৃতিক দলৰ মনোনয়নৰৰ উদ্দেশ্যে ১-৩ ডিচেম্বৰত তিনিদিনীয়াকৈ উত্তৰ পূৱ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ উদ্যোগত গুৱাহাটীৰ NEZCC শিল্পগ্ৰামত অনুষ্ঠিত হৈছে ৮ ৰাজ্যৰ সাংস্কৃতিক দলৰ মনোনয়নৰ মহোৎসৱ। কালি আৰম্ভ হোৱা এই ‘বন্দে ভাৰতম নৃত্য উৎসৱ’ৰ আজি দ্বিতীয় দিনৰ মাণ্ডলিক মনোনয়নৰ কাৰ্যসূচী আজি পুৱা ১১ বজাত আৰম্ভ হয়। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা বন্দে ভাৰতম নৃত্য উৎসৱৰ পৰ্যবেক্ষক অমিতা প্ৰসাদ ছাৰভাই আৰু পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী আৰু NEZCC সঞ্চালক ডা: প্ৰসন্ন গগৈয়ে বন্তি প্ৰজ্জ্বলন কৰি আজৰ মহোৎসৱৰ শুভাৰম্ভণী কৰে। উল্লেখ্য যে, অসমৰ লগতে উত্তৰ পূব মণ্ডলৰ পৰা অহা সৰ্বমুঠ ৩২ লোক, জনজাতীয়, ধ্ৰুপদী, সমসাময়িক আৰু ফিউজন নৃত্যৰ শিল্পী দলে নিজ নিজ সংগীত-নৃত্য প্ৰদৰ্শনী কৰে। এই লৈ উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যৰ শিল্পীৰে উখল মাখ‌ল হৈ পৰিছে শিল্পগ্ৰাম। উল্লেখযোগ্য যে, উত্তৰ পূৱ মণ্ডলৰ পৰা নিৰ্বাচিত শিল্পী দলে অহা ২০ ডিচেম্বৰ ২০২২ ত নতুন দিল্লীত চূড়ান্ত মনোনয়নত নৃত্য প্ৰদৰ্শন কৰিব আৰু পৰবৰ্তী সময়ত দেশৰ ৫০০ শিল্পীৰ সৈতে দিল্লীৰ কৰ্তব্য পথত ৰাষ্ট্ৰপতিৰ সন্মুখত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ সুযোগ লাভ কৰিব।

Leave A Reply

Your email address will not be published.