দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন বৰ্ষসূচীৰ অন্তৰ্ভূক্ত দৰং জিলা সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন আৰু প্ৰফুল্ল নগৰ শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানটি দেওবাৰে অনুষ্ঠিত হয়। প্ৰফুল্ল নগৰ সাহিত্য সভাৰ উদ্যোগত প্ৰফুল্লনগৰস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় এই অনুষ্ঠান।দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীত পুৱা ৭-৩০ বজাত অৰুণ চন্দ্ৰ শৰ্মাৰ পৰিচালনাৰে পৰিৱেশ নিকাকৰণ , ৮-৩০ বজাত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত বন্তি প্ৰজ্বলন কৰে মনোমতী দেৱীয়ে,পুৱা ৮-৫৫ বজাত দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াই অসম সাহিত্য সভাৰ পতাকা আৰু ৯-১৫ বজাত প্ৰফুল্ল নগৰ সাহিত্য সভাৰ সভাপতি তিলক চন্দ্ৰ শৰ্মাই শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানৰ পতাকা উত্তোলন কৰে । ১০ বজাত দিনেশ চন্দ্ৰ গোস্বামীয়ে আদৰণি তোৰণ মুকলি,১০-১৫ বজাত কনক চন্দ্ৰ ডেকাই ৰূপালী জয়ন্তী উদযাপনৰ বন্তি প্ৰজ্বলন আৰু ১০-৩০ বজাত কুশেশ্বৰ ডেকাই স্মৃতি তৰ্পণ কৰে । ইয়াৰ পিছতে ১১-০০ বজাৰ পৰা দৰং জিলা সাহিত্য সভাৰ সম্পাদক তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁত ধৰা আকাশৰ শিল্পী সকলে পৰিবেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী … গীতেৰে আৰম্ভ হোৱা আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড° ৰাম চন্দ্ৰ ডেকাই সঞ্চালনা কৰা মুকলি সভা উদ্বোধন কৰে মাজবাট মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰফুল্ল দেৱ শৰ্মাই ।দৰং জিলা সাহিত্য সভাৰ অৰ্ধশতাধিক আজীৱন সভ্যৰ উপৰিও শতাধিক সাহিত্য সেৱী উপস্থিত থকা সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱা ,সোণালী জয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি কুঞ্জ দেৱী,উপ সভাপতি বাসৱ চন্দ্ৰ ডেকা,আজীৱন সভ্য চক্ৰধৰ নাথ , বলোভদ্ৰ শৰ্মা, বিজয় কুমাৰ বৰুৱা, কালিন্দ্ৰ বৰুলা , মনেশ্বৰ ডেকা, হৰেন্দ্ৰ ৰাজবংশী, গৌতম শৰ্মা,নূৰল ইছলাম মণ্ডল,বাহাৰুল ইছলাম, চৰিফুল ইছলাম নিজৰ অনুভৱ ব্যক্ত কৰে ।সভাত ভবেন চন্দ্ৰ কলিতাৰ বাঁহী বাদন ,ইনুমা শৰ্মা, বাসৱ চন্দ্ৰ ডেকা, ভাৱতী নাথ , প্ৰিয়াংশী শিৱমৰ কবিতা পাঠ,গীতিমা চহৰীয়াৰ লোকগীত,জাৰ্জী প্ৰিয়া ডেকাৰ গীত ,অনুপমা দেৱীৰ ভূপেন্দ্ৰ সংগীত,মহিলা দাসৰ আধুনিক গীত,ভাৰ্গৱী ডেকাৰ চিয়াগীত, সোণালীজয়ন্তী উদযাপন সমিতিৰ উপ সভাপতি কুঞ্জ দেৱীৰ হাস্য ৰসীক অভিনয়, পৰিনীতা দাসৰ গীতে অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰে । সভাৰ আৰম্ভনিতে সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ৰাণা আলম আৰু শাখা সাহিত্য সভাৰ সম্পাদক কুমুদ চন্দ্ৰ দাসে আদৰণি ভাষণ আৰু সভাৰ শেষত দৰং জিলা সাহিত্য সভাৰ কুঁহিৰ আহ্বায়ক প্ৰৱীন বৰুৱাই উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়ায়।অসম সংগীতেৰে সভাৰ সামৰণি হয়।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি