অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু কেচিও ইণ্ডিয়াৰ উদ্যোগত ১৯৬ খন বিদ্যালয়ক চাইণ্টিফিক কেচিও কেলকুলেটৰ প্ৰদান

0 154

অলপতে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু কেচিও ইণ্ডিয়াৰ উদ্যোগত লগতে গ্ৰাম্য উন্নয়ন কেন্দ্ৰ আৰু গ্লোৱেল হাণ্ট ফাউণ্ডেচনৰ সহযোগত জ্ঞান কি ৰোচনি কাৰ্য্যসূচীৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ৰাজ্যখনৰ ১৯৬ খন বিদ্যালয়ক চাইণ্টিফিক কেচিও কেলকুলেটৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সমুহ বিদ্যালয়ৰ পৰা ৯০ শতাংশতকৈ অধিক ছাত্ৰ-ছাত্ৰী উৰ্ত্তীৰ্ণ হৈছে সেই সমূহ বিদ্যালয়ক এই কাৰ্য্যসূচীৰ দ্বাৰা সামৰি লোৱা হৈছে। উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকী তেওঁৰ ভাষণত ৰাজ্য খনৰ বিদ্যালয় সমূহত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে কেচিও ইণ্ডিয়াই গ্ৰহণ কৰা এই পদক্ষেপক তেওঁ প্ৰশংসা কৰে। তেওঁ লগতে কয় যে বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিৰ সময়। এই সময়ত ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞান প্ৰযুক্তিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিক্ষক সকলে আধুনিক প্ৰযুক্তিৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে আহি থকা দিন সমূহত ৰাজ্যখনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কম্পিউটাৰৰ অৰ্হাতা থকাটো বাধ্যতামুলক কৰিব। কাৰণ শিক্ষক সকলে তথ্য প্ৰযুক্তিৰ বিষয়ে আয়ত্ব কৰিলেহে ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ পৰা এই বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিব। উল্লেখযোগ্য যে প্ৰতিখন বিদ্যালয়ক ২০ টা কৈ এই চাইণ্টিফিক কেচিও কেলকুলেটৰ প্ৰদান কৰা হৈছে।এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননি গোপাল মহন্ত, সমগ্ৰ শিক্ষাৰ মিচন সঞ্চালক ড০ ওম প্ৰকাশ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা মমতা হোজাই লগতে কেচিও ইণ্ডিয়াৰ বিষয়ববীয়া সকলৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.