নৱবৰ্ষৰ আৰম্ভণিতে গুৱাহাটীত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

0 145

অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে সুঃখবৰ।নৱবৰ্ষৰ আৰম্ভণিতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট।এই কথা জানিবলৈ দিছে অসম ক্ৰিকেট সন্থাই।৯ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত।অৱশ্যে এই খেলখনৰ বাবে টিকট বিক্ৰীৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।উল্লেখ্য যে, বাংলাদেশৰ সৈতে খেলি থকা শৃংখলাৰ অন্ত পৰাৰ পিছতে ভাৰতীয় ক্ৰিকেট দলটোৱে শ্ৰীলংকা, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অৱতীৰ্ণ হ’ব।ভাৰতীয় দলটোৱে প্ৰথমে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু ৩খন এদিনীয়া মেচ খেলিব আৰু তাৰ পিছত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত নিউজিলেণ্ডক আতিথ্য প্ৰদান কৰিব।তাৰ পাছত ভাৰতে নিজৰ মনোযোগ টেষ্ট ক্ৰিকেটলৈ স্থানান্তৰিত কৰি চাৰিখন মেচৰ টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়াক আদৰিব।

Leave A Reply

Your email address will not be published.