২০২২ বৰ্ষটো শেষ হ’বলৈ মাজত মাথো আৰু কেইটামান দিন বাকী থকা সময়তো কামৰূপ মহানগৰ জিলাত বৃহৎসংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে নথিপত্ৰ নৱীকৰণ নকৰাকৈ অবৈধ আৰু অসুৰক্ষিতভাৱে ৰাজপথত চলি থকাৰ তথ্য পোহৰলৈ আহিছে। এনেক্ষেত্ৰত এই বিষয়টোকলৈ স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস ৷ আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে পৰিবহণ বিষয়া গৰাকীয়ে যানবাহনৰ যাৱতীয় কৰ আদায় দিয়াৰ বাবে সকলো ক্ষেত্ৰৰ যান-বাহনৰ গৰাকীৰ পূৰ্ণ সহযোগিতা আহ্বান কৰি কয় যে, বাহন এখন ক্ৰয় কৰোতে পঞ্জীয়নভুক্ত হোৱাৰ পিছত সময়মতে যান-বাহনৰ কৰ পৰিশোধ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য। একেদৰে যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনসমূহ বৈধ কৰি ৰাখিলেহে সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখা সম্ভৱ। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজপথত প্ৰতি মুহূৰ্ততে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দি আহিছে। পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো পৰিবহণ ব্যৱস্থাটোক অধিক কাৰ্যক্ষম কৰিবলৈ চেষ্টা চলাইছে ।সেয়ে এনে গুৰুত্বপূৰ্ণ সময়ত যান-বাহনৰ যাৱতীয় কৰ অহা ৩১ডিচেম্বৰৰ ভিতৰত পৰিশোধ কৰাৰ লগতে যানবাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰাজপথত সকলোৰে বাবে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ যান-বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনোৱা হৈছে৷
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন