২০২২ বৰ্ষটো শেষ হ’বলৈ মাজত মাথো আৰু কেইটামান দিন বাকী থকা সময়তো কামৰূপ মহানগৰ জিলাত বৃহৎসংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে নথিপত্ৰ নৱীকৰণ নকৰাকৈ অবৈধ আৰু অসুৰক্ষিতভাৱে ৰাজপথত চলি থকাৰ তথ্য পোহৰলৈ আহিছে। এনেক্ষেত্ৰত এই বিষয়টোকলৈ স্বাভাৱিকতেই উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস ৷ আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে পৰিবহণ বিষয়া গৰাকীয়ে যানবাহনৰ যাৱতীয় কৰ আদায় দিয়াৰ বাবে সকলো ক্ষেত্ৰৰ যান-বাহনৰ গৰাকীৰ পূৰ্ণ সহযোগিতা আহ্বান কৰি কয় যে, বাহন এখন ক্ৰয় কৰোতে পঞ্জীয়নভুক্ত হোৱাৰ পিছত সময়মতে যান-বাহনৰ কৰ পৰিশোধ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য। একেদৰে যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনসমূহ বৈধ কৰি ৰাখিলেহে সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখা সম্ভৱ। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজপথত প্ৰতি মুহূৰ্ততে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দি আহিছে। পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো পৰিবহণ ব্যৱস্থাটোক অধিক কাৰ্যক্ষম কৰিবলৈ চেষ্টা চলাইছে ।সেয়ে এনে গুৰুত্বপূৰ্ণ সময়ত যান-বাহনৰ যাৱতীয় কৰ অহা ৩১ডিচেম্বৰৰ ভিতৰত পৰিশোধ কৰাৰ লগতে যানবাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰাজপথত সকলোৰে বাবে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ যান-বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনোৱা হৈছে৷
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী