কুশল কোঁৱৰৰ শ্ৰদ্ধাঞ্জলি উপলক্ষ্যে

0 267

IMG-20170615-WA0022

কুশল কোঁৱৰ, অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বীৰ শ্বহীদ। মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত এইগৰাকী বীৰ শ্বহীদে হেলাৰঙে ১৯৪৩ চনৰ জুনৰ আজিৰ দিনটোৱেই মৃত্যু বৰণ কৰিছিল। সৰুপথাৰ ৰেল ষ্টেছনত ৰেল বগৰোৱাৰ অপৰাধত মৃত্যুদণ্ড হয়। তেখেতৰ ৭৪ বৰ্ষ মৃত্যুবাৰ্ষিকী উপলক্ষ্যে আজি মহানগৰীৰ নেহৰু পাৰ্কত এক অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত শ্বহীদ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। শ্বহীদ পৰিয়ালৰ সৈতে হোৱা এক কথোপকথনত ৰোমন্থন কৰি এগৰাকী নাতিনীয়ে কয় যে কুশল কোঁৱৰে দেশক প্ৰাণতকৈও ভাল পাইছিল। তেখেত গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত আছিল।

IMG-20170615-WA0020বিশেষকৈ কিতাপ অথবা ধৰ্মীয় গ্ৰন্থ পঢ়ি খুব ভাল পাইছিল, সেয়েহে জেইলত থকা সময়খিনিত কিতাপ পঢ়াৰ কথা আইতাৰ মুখত শুনা মনত পৰে। উল্লেখযোগ্য যে মৃত্যু বাৰ্ষিকীৰ উপলক্ষ্যে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হয়। এই অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি মন্তব্য কৰে যে জাতীয় নায়ক জনক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ বুকুত সততা, নিষ্ঠাৰে অসমক প্ৰতিষ্ঠা কৰিব পাৰিলেহে কুশল কোঁৱৰৰ ত্যাগ প্ৰকৃতাৰ্থ মূল্যায়ন হ’ব।

IMG-20170615-WA0019

ইয়াৰ সমান্তৰালকৈ শ্বহীদ গৰাকীক শ্ৰদ্ধা নিবেদন কৰি শিল্পী অপুৰাজ বেজবৰুৱাই ব্লেডেৰে অংকন কৰি এখন চিত্ৰ মুখ্যমন্ত্ৰীক প্ৰদৰ্শন কৰে। আজি এই অনুষ্ঠানত সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য,ৰমেন্দ্ৰ নাথ কলিতা, ভি পি পিপাৰচেনিয়া, মুকেশ চাহা, ৰাজস্থানৰ ৰাম সিং ৰাখোৱা, ৰঞ্জনা বেন ভট্ৰকে আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত আছিল। 

Leave A Reply

Your email address will not be published.