উন্মোচন হ’ল কবিতা দত্ত গোস্বামীৰ অনুবাদ গ্ৰন্থ পদুম পাতত জীৱন

0 151

৩০ ডিচেম্বৰ শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই ভৱনত দিনৰ ১১বজাত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কবিতা দত্ত গোস্বামীৰ নতুন অনুবাদ গ্ৰন্থ “পদুম পাতত জীৱন” উন্মোচন কৰা হয়৷দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক পদ্মভূষণ ড° প্ৰতিভা ৰায়ে মূল ওড়িয়া ভাষাত লিখা আত্মজীৱনীখনৰ কবিতা দত্ত গোস্বামীয়ে অসমীয়া ভাষালৈ কৰা অনুবাদ গ্ৰন্থখন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট ঔপন্যাসিক ৰীতা চৌধুৰীয়ে৷অনুষ্ঠানত অভিজিত শৰ্মাবৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে আৰু বিশিষ্ট অতিথি হিচাপে কবি লেখক মনজিৎ সিং,সাহিত্যিক লীনা শৰ্মা আৰু কবি নীলিমা ঠাকুৰীয়া হক উপস্থিত থাকে৷
অসমৰ এক পুৰণি অভিজাত প্ৰকাশন গোষ্ঠী জ্যোতিপ্ৰকাশনৰ হৈ নগেন শৰ্মাই “পদুম পাতত জীৱন” গ্ৰন্থখন প্ৰকাশ কৰিছে৷গ্ৰন্থখন উন্মোচন কৰি প্ৰখ্যাত সাহিত্যিক ৰীতা চৌধুৰীয়ে এগৰাকী লেখকৰ লগত প্ৰকাশক আৰু পাঠক ৰাইজৰ যি আন্তৰিক সম্পৰ্ক আৰু লেখকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উল্লেখ কৰি অনুবাদিকা কবিতা দত্ত গোস্বামীৰ সাহিত্যিক কৰ্মৰাজিক প্ৰশংসা কৰে৷নিজৰ ভাষণ প্ৰসংগত অভিজিত শৰ্মা বৰুৱাই অনুবাদ কলাক কষ্টকৰ আৰু এক দায়িত্বশীল কৰ্ম বুলি মন্তব্য কৰে৷কেইবাখনো মৌলিক নাটকৰ নাট্যকাৰ ,ধাৰাবাহিকৰ কাহিনীকাৰ-চিত্ৰনাট্যকাৰ তথা এতিয়ালৈকে ১৫খনৰো অধিক ওড়িয়া ভাষাৰ গ্ৰন্থৰ অসমীয়া অনুবাদ কৰা কবিতা দত্ত গোস্বামী এগৰাকী সু-লেখিকা,অভিনেত্ৰী হিচাপেও সুপৰিচিত৷
প্ৰতিনিয়ত বাধা আৰু বিষাদ,জড়তা আৰু প্ৰতিকুলতাক অতিক্ৰম কৰি এজনী নিচেই সাধাৰণ ছোৱালীয়ে এক সপোনৰ পম খেদি কিদৰে এগৰাকী সুখ্যাত লেখিকা হৈছিল আৰু সেইগৰাকী স্বনামপ্ৰসিদ্ধ লেখিকা তথা বৰ্তমান ভাৰতীয় জ্ঞানপীঠ বোৰ্ডৰ চেয়াৰপাৰ্চন হিচাপে কৰ্মৰত ড° প্ৰতিভা ৰায়ৰ উপন্যাসোপম আত্মজীৱনীখনক কবিতা দত্ত গোস্বামীয়ে কৰা অসমীয়া অনুবাদ গ্ৰন্থখন পাঠক সমাজৰ বাবে এখন অনুপ্ৰেৰণামূলক কিতাপ বুলি স্বীকৃতি দিব পৰা যাব৷
সদ্য প্ৰকাশিত গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ৫০০ৰো অধিক৷ময়ূৰী দত্তই আঁতধৰা এই গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মনজ্যোৎস্না মহন্ত,শান্তনু কৌশিক বৰুৱা,দেবব্ৰত বৰা,অৰ্চনা বৰঠাকুৰ,মঞ্জু দত্ত বৰুৱা,গুণজিত দেৱগোস্বামী,প্ৰীতিমা কৌশিক বৰুৱা,লীতি বৰা,মধুমিতা শইকীয়া আদি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে সংঘমিত্ৰা গোস্বামীয়ে৷

Leave A Reply

Your email address will not be published.