আজি গুৱাহাটী মহানগৰীৰ নাৰেংগী শংকৰদেৱ বিদ্যা নিকেতন প্ৰাংগণত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ৮৩ বছৰীয়া কবি, লেখক ডা : অৱনী মোহন শৰ্মাৰ কাব্য সংকলন নৱ কল্লোল আৰু গল্প সংকলন মৌন বেদনা শুভ উন্মোচন কৰা হয় । নিউ গুৱাহাটী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিধন বৰ্মণৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই । ড০ প্ৰান্তিকা শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভ কৰা সভাত কাব্য সংকলনখনি উন্মোচন কৰি পদ্মশ্ৰী প্ৰাপক, বিশিষ্ট কবি, লেখক, সমালোচক ড০ ৰোমান শৰ্মাই কয়- কবিতাৰ প্ৰতি মানুহৰ আকৰ্ষণ অনন্য । ব্যতিক্ৰম ধৰ্মী লেখনি, ৰছনা, সৃষ্টিবোৰ মানুহৰ মাজত মনত থাকে । মানৱীয় প্ৰমূল্যবোধৰ লেখাইহে মানুহৰ মনত সাচ বহুৱায় । মানৱতা দৰ্শনৰ গুণ, দুৰ্দশাগ্ৰস্তজনৰ হকে লিখাবোৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে । অসূয়া শক্তি, অপ শক্তি, অপ-সংস্কৃতিৰ বিৰুদ্ধে কবিতা বা অন্যান্য সাহিত্য সৃষ্টি কৰিব লাগে । হিংসা,বিদ্বেষ, যুদ্ধৰ বিৰুদ্ধে কলম চলাব লাগে। গল্প সংকলনখনি উন্মোচন কৰি গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড০ পূৰ্ণ ভট্টাচাৰ্যই কয়- মানুহ চিৰ প্ৰেমিক । মৃত্যুলৈকে অন্তৰত প্ৰেম প্ৰবাহিত হৈ থাকে । সাহিত্যত সতেজতা থাকিবই লাগিব । সাহিত্যত যুগৰ প্ৰভাৱ,সভ্যতাৰ প্ৰভাৱ স্পষ্টকৈ পৰে ।কাহিনী আৰু বৰ্ণনা একে হ’ব লাগে ।জীৱনত অধ্যয়ন কৰিলেহে সত্য উপলব্ধি কৰিব পাৰে ।শিক্ষয়িত্ৰী প্ৰণামিকা শৰ্মাই আঁত ধৰা সভাত অৰ্ণৱ শইকীয়া আৰু মীনাক্ষী ঠাকুৰীয়াই গীত, মনোজ কুমাৰ মিশ্ৰই কবিতা আবৃত্তি কৰে। নিধন বৰ্মণে সভাপতিত্ব কৰা সভাত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ড০ দীনেশ চন্দ্ৰ কলিতাই সমজুৱাৰ ফালৰ পৰা বক্তব্য দাঙি ধৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন