গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা ( ফুকনৰ পাৰ )কমিটিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ১৪ আৰু ১৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰা হয় । ১৪ জানুৱাৰীত ভোগালী বিহুৰ লগত সংগতি ৰাখি নামঘৰ চৌহদৰ বাকৰিত নামঘৰৰ অন্তৰ্গত খেলবাসীৰ পুৰুষ-মহিলা,শিশুকে ধৰি চাৰে তিনিশৰো অধিক লোকে নিশা উৰুকাৰ সমূহীয়া ভোজত ভাগ লয়।১৫ জানুৱাৰীত পুৱা খানামুখ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা ভেলাঘৰ তথা মেজিত পৰম্পৰাগতভাৱে অগ্নি দেৱতাক সমূহীয়াকৈ বছৰটোৰ মংগল কামনা কৰি প্ৰজ্বলন কৰাৰ পাছত ভোগালী বিহুৰ ঐতিহাসিক বাৰ্ষিক ৰাজহুৱা সভা অনুষ্ঠিত হয়।খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক হীৰেন কলিতাই ।সভাত মুখ্য সম্পাদক চন্দন কলিতাই বছৰটোৰ জমা- খৰছৰ খতিয়ান দাঙি ধৰে । তেনেদৰে হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে জয়ন্ত কলিতাই । সভাত সাৰদা কলিতা , কমলা কলিতা , অমল কলিতা , ৰতন কলিতা , ধীৰাজ কলিতা , ৰঞ্জিত কলিতা , উৎপল বৰ্মন , প্ৰদীপ কলিতা ( নামান ) , শৰৎ কলিতা ( পুতুকণ ) , হৰিচৰণ কলিতা ( মাজু ) , হেমন্ত কলিতা ( আলেক ) , লোহিত কলিতা , ললিত কলিতা (ৰিংকু) , ৰিতুমণি কলিতা (বুটু) আনন্দ দাসকে ধৰি উপস্থিত কেবাজনেও ভাষণত নগৰৰ যান্ত্ৰিকতাৰ মাজত থাকিলেও যুগ যুগ ধৰি বৃহত্তৰ খানামুখত আটাইকেইখন খেলবাসীয়ে পৰম্পৰাগতভাৱে ভোগালী বিহু পালন কৰি অহা বিষয়টোৰ আলোকপাত কৰে । সভাত বিগত এটা বছৰত যিসকল লোকৰ মৃত্যু হল তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে যিসকল লোক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰা হয় । সভাত খানামুখ ৰাজহুৱা নামঘৰৰ নিৰ্মীয়মান অৱস্থাত থকা মণিকূটকে ধৰি নামঘৰৰ উন্নয়ন ,আগন্তুক বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত কৰাকে ধৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।আনহাতে সভাত আগন্তক কাৰ্যকালৰ বাবে যাদৱ চন্দ্ৰ কলিতাক সভাপতি , হেমেন কলিতাক মুখ্য সম্পাদক ,ভূষণমণি দাস আৰু ধৃতিমান দাসক সম্পাদক হিচাপে লৈ খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয় ।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি