গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা ( ফুকনৰ পাৰ )কমিটিৰ উদ্যোগত বিগত বছৰৰ দৰে এইবেলিও ১৪ আৰু ১৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰা হয় । ১৪ জানুৱাৰীত ভোগালী বিহুৰ লগত সংগতি ৰাখি নামঘৰ চৌহদৰ বাকৰিত নামঘৰৰ অন্তৰ্গত খেলবাসীৰ পুৰুষ-মহিলা,শিশুকে ধৰি চাৰে তিনিশৰো অধিক লোকে নিশা উৰুকাৰ সমূহীয়া ভোজত ভাগ লয়।১৫ জানুৱাৰীত পুৱা খানামুখ ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা ভেলাঘৰ তথা মেজিত পৰম্পৰাগতভাৱে অগ্নি দেৱতাক সমূহীয়াকৈ বছৰটোৰ মংগল কামনা কৰি প্ৰজ্বলন কৰাৰ পাছত ভোগালী বিহুৰ ঐতিহাসিক বাৰ্ষিক ৰাজহুৱা সভা অনুষ্ঠিত হয়।খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটিৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক হীৰেন কলিতাই ।সভাত মুখ্য সম্পাদক চন্দন কলিতাই বছৰটোৰ জমা- খৰছৰ খতিয়ান দাঙি ধৰে । তেনেদৰে হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে জয়ন্ত কলিতাই । সভাত সাৰদা কলিতা , কমলা কলিতা , অমল কলিতা , ৰতন কলিতা , ধীৰাজ কলিতা , ৰঞ্জিত কলিতা , উৎপল বৰ্মন , প্ৰদীপ কলিতা ( নামান ) , শৰৎ কলিতা ( পুতুকণ ) , হৰিচৰণ কলিতা ( মাজু ) , হেমন্ত কলিতা ( আলেক ) , লোহিত কলিতা , ললিত কলিতা (ৰিংকু) , ৰিতুমণি কলিতা (বুটু) আনন্দ দাসকে ধৰি উপস্থিত কেবাজনেও ভাষণত নগৰৰ যান্ত্ৰিকতাৰ মাজত থাকিলেও যুগ যুগ ধৰি বৃহত্তৰ খানামুখত আটাইকেইখন খেলবাসীয়ে পৰম্পৰাগতভাৱে ভোগালী বিহু পালন কৰি অহা বিষয়টোৰ আলোকপাত কৰে । সভাত বিগত এটা বছৰত যিসকল লোকৰ মৃত্যু হল তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে যিসকল লোক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰা হয় । সভাত খানামুখ ৰাজহুৱা নামঘৰৰ নিৰ্মীয়মান অৱস্থাত থকা মণিকূটকে ধৰি নামঘৰৰ উন্নয়ন ,আগন্তুক বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত কৰাকে ধৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।আনহাতে সভাত আগন্তক কাৰ্যকালৰ বাবে যাদৱ চন্দ্ৰ কলিতাক সভাপতি , হেমেন কলিতাক মুখ্য সম্পাদক ,ভূষণমণি দাস আৰু ধৃতিমান দাসক সম্পাদক হিচাপে লৈ খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয় ।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন