দেশৰ আন ৰাজ্যৰ লগতে অসমতো স্বাধীন ভাৰতৰ সেনা বাহিনীৰ প্ৰথমজন সৰ্বাধিনায়ক , ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ ১৯৫৩ চনৰ ১৪ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰা দিনটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ লাচিতনগৰস্থিত সৈনিক ভৱনৰ সভাগৃহত ১৪ জানুৱাৰীত সশস্ত্ৰ বাহিনী ভেটাৰ্ন দিৱস উদযাপন কৰা হয় । এই উপলক্ষে ৰাজ্যিক সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক , বিগ্ৰেডিয়াৰ (অৱসৰপ্ৰাপ্ত) দীনেশ চন্দ্ৰ মজুমদাৰে সঞ্চালনা কৰা সভাখনত দুগৰাকী অৱসৰপ্ৰাপ্ত সৈনিকৰ সহধৰ্মিনী , বীৰ নাৰীক সম্বৰ্ধনা জনোৱা হয় । সভাত ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী , ৰাজ্যৰ প্ৰাক্তন সৈনিক কল্যাণ সঞ্চালক আৰু অখিল ভাৰতীয় ভূতপূর্ব সৈনিক সেৱা পৰিষদৰ,উত্তৰ পূৱৰ আহ্বায়ক , কমডৰ (অৱসৰপ্ৰাপ্ত) কমলেশ চন্দ্ৰ চৌধুৰী , কামৰূপ জিলা সৈনিক কল্যাণ বিষয়া, গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) কনক কলিতা , গ্ৰুপ কেপ্তেইন (অৱসৰপ্ৰাপ্ত) দেবানন্দ গোহাঁই , অৱসৰপ্ৰাপ্ত কৰ্ণেলদ্বয় পংকজ ৰাজখোৱা আৰু দীপক চক্ৰৱৰ্তীকে ধৰি ভাৰতীয় সেনা , নৌ সেনা আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । সভাত উপস্থিত কেবাজনেও ফিল্ড মাৰ্শ্বেল কে এম কাৰিয়াপ্পাৰ দেশপ্ৰেম , সাঁহস আৰু ভাৰতীয় সেনা বাহিনীক পুনৰ গঠনৰ বাবে কৰা ত্যাগৰ ওপৰত আলোকপাত কৰে ।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল