গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলৰ আনন্দ নগৰ অসমজ্যোতি সংঘ আৰু পুথিভঁড়ালৰ উদ্যোগত পুথিভঁড়াল খেলপথাৰত ৩৬ তম্ বাৰ্ষিক শিল্পী দিৱস ১২,১৩,১৪, ১৬ আৰু ১৭ জানুৱাৰীত ৫ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে অসমীয়া জাতিৰ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পবিত্ৰ মৃত্যু তিথিত শিল্পী দিৱস হিচাপে উদযাপন কৰে। ১২,১৩,১৪ জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত একাধিক ক্ৰীড়া প্ৰতিযোগীতা অনুষ্ঠিত কৰে। ১৬ জানুৱাৰীত চিত্ৰাংকণ, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, নৃত্য প্ৰতিযোগীতা আদি অনুষ্ঠিত কৰে । ১৭ জানুৱাৰীত পুৱা সাংস্কৃতিক শোভাযাত্ৰা, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, ভেশচন প্ৰতিযোগীতা, জ্যোতি সংগীত প্ৰতিযোগীতা অনুষ্ঠিত হয়। সন্ধ্যা মুকলি সভাত সভাপতিত্ব কৰে শিল্পী দিৱস উদযাপন সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ লাল পাঠকে। সংঘৰ সভাপতি বনজিৎ দাস, সম্পাদক ফাৰুক আলী আহমেদ, উদযাপন সমিতিৰ সম্পাদক মজনুৰ হুছেইনে আঁত ধৰা সভা পুৰণজয় ভট্টাচাৰ্যই বৰগীতেৰে শুভাৰম্ভ হয় । অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই মুখ্য অতিথিৰ ভাষণত আজিও জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰাসংগিকতা আছে বুলি কৈ নতুন প্ৰজন্মই তেওঁৰ অমূল্য সৃষ্টিৰাজি গভীৰ ভাৱে অধ্যয়ন কৰিব লাগে বুলি দোহাৰে । সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতা, বহুভাষিক সাহিত্য মঞ্চৰ প্ৰধান সম্পাদক,সাংবাদিক দীপক শৰ্মা, নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়,নুনমাটি থানাৰ সহকাৰী পুলিচ আয়ুক্ত নীলোৎপল ডেকা, সাহিত্যিক বীৰেন্দ্ৰ নাথ কলিতা, যুৱ সমাজসেৱী হিকমৎ আলীয়ে অংশ লয়।নিশা মনোৰম সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন