বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি বেডমিন্টন চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। উল্লেখ্য যে, উক্ত খেল যোৱা ২৬ ডিচেম্বৰ পৰা আৰম্ভ হোৱা খেলখনত বিমানবন্দৰত বিভিন্ন স্থান আৰু বিভাগত কৰ্মৰত প্ৰায় ৩০ টা দলে প্ৰতিনিধিত্ব কৰে।পুৰুষৰ শাখাত ৰিপুণ বৰা আৰু দিপক চন্দ্ৰ পলে চেম্পিয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। লগতে দিপক ভগত আৰু মনজয় ৰাভাই যুটিয়াভাৱে প্ৰথম ৰানাৰ্ছআপ, নিকলাছ নাৰ্জাৰী আৰু অভয় শৰ্মাই দ্বিতীয় ৰানাৰ্ছআপ, হৰি সোণোৱাল আৰু ৰাজেশ্বৰ ৰাভাই ক্ৰমান্বয়ে তৃতীয় পদক লাভ কৰে। আনহাতে মহিলাৰ শাখাত সুশ্ৰী চ’ফিয়া আলী আৰু সুশ্ৰী মায়াশ্ৰী গগৈয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। সুশ্ৰী হেমা কোঁৱৰ আৰু সুশ্ৰী লালদুহপুই নাৰ্জাৰীয়ে প্ৰথম ৰানাৰ্ছ আপ পদক লাভ কৰাৰ লগতে সঞ্জয় গুৰুঙে নিচুকনী পদক লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে আজি বটা বিতৰণী অনুষ্ঠানত বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই বিজয়ী সকলক বঁটা প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত সু-উজ্বল হোৱাৰ লগতে পৰৱৰ্তী সময়ত উদ্যোক্তাসকলক এই অনুষ্ঠানসমূহ আগুৱাই লৈ যাবলৈ অনুপ্ৰেৰণা যোগায়।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি