২৬ জানুৱাৰী ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু বৰকুছি নৱ যুৱক সংঘৰ সহযোগত বৰকুছি নামঘৰ খেলপথাৰত গণৰাজ্য দিৱস ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত খেলত চাৰিটা দল ক্ৰমে পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, পলাশবাৰী আৰক্ষী থানা, দক্ষিণ কামৰূপৰ ছপা-বৈদ্যুতিন মাধ্যমৰ সাংবাদিক-সংবাদকৰ্মী আৰু নিউজ পৰ্টেল সাংবাদিক-সংবাদকৰ্মী সকলে অংশ গ্ৰহণ কৰে। প্ৰথমে পলাশবাৰী আৰক্ষী থানাৰ বিষয়ববীয়া ও জোৱান আৰু নিউজ পোৰ্টেলৰ সাংবাদিক-সংবাদকৰ্মী সকলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত পলাশবাৰী আৰক্ষী থানাই জয়লাভ কৰে। দ্বিতীয়খন খেল পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু দক্ষিণ কামৰূপৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে জয়লাভ কৰে। শেষত চুড়ান্ত খেল খন পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু পলাশবাৰী আৰক্ষী থানাৰ মাজত অনুষ্ঠিত হয়। উত্তেজনাপূৰ্ণ খেলখনত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। উক্ত খেলত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিবেন্দ্ৰ ব্ৰহ্মা, ৰাণী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কমৰজ্যোতি কাকতি, বিজয়নগৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া লাৱণ্য বড়ো, জ্যেষ্ঠ সাংবাদিক বলেন কলিতা, বিশ্বজিৎ কলিতা, ৰতন কলিতা, হিতেন মালী, নীৰেন মালীৰ লগতে বহুকেইজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। ৰ’দ কাচিয়লি নামৰ প্ৰতিষ্ঠাৰ স্বত্বাধিকাৰী গগণ নাথে চাৰিওটা দলৰ জাৰ্চি প্ৰদান কৰাৰ লগতে বৰকুছি নৱ যুৱক সংঘৰ কৰ্মকৰ্তাসকলে বিশেষভাৱে সহযোগিতা আগবঢ়ায়। শেষত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰাৰ পিছতে বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰাশসন, আৰক্ষী আৰু সাংবাদিক সকলৰ মাজত এনেধৰণৰ বন্ধুত্ব সুলভ খেল সময়ে সময়ে অনুষ্ঠিত হব লাগে বুলি কয়। লগতে খেলে মানুহক মানসিক, স্বাস্থ্য আৰু মনোবল বৃদ্ধি কৰে বুলি উল্লেখ কৰে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita