নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰথম গৰাকী বিজেপি বিধায়কৰ জয় লাভ

0 304

সমাগত লৈ নগালেণ্ড বিধানসভা নিৰ্বাচন। অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ ১৭ দিন পূৰ্বে ৰাজ্যখনত প্ৰথম গৰাকী বিজেপি বিধায়কৰ জয় লাভ কৰিছে।

উল্লেখ্য যে, কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছতে বিজেপিৰ প্ৰাৰ্থী কাঝেটো কিনিমী জয় লাভ কৰিছে বিনা প্ৰতিদ্বন্দ্বিতাৰে। আৰু তেওঁৰ বিৰুদ্ধে একমাত্ৰ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ ৪৭ বছৰীয়া খেকাচে চুমী।

ইফালে, কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ এই সিদ্ধান্তৰ পাছতে ক্ষুণ্ণ হৈ পৰিছে দলীয় নেতৃত্ব। আনহাতে, নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া ভি শশাংক শেখৰে কয় যে, নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীৰ বিধানসভা নিৰ্বাচনৰ আগতে বিজেপিৰ কাজেটো কিনিমী ৩১ নং আকুলুটো বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।

Leave A Reply

Your email address will not be published.