মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৩৬ নং কাঁহিকুছি গাওঁ পঞ্চায়তৰ নৱনিৰ্মিত দুমহলীয়া কাৰ্যালয় গৃহটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৮-১৯ বর্ষৰ ৪০ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা কাৰ্যালয় গৃহটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক কলিতাই ভাষণ প্ৰসংগত কয় যে কাঁহিকুছি গাওঁ পঞ্চায়তৰ অধীনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সুবিধাৰ হকে এই কাৰ্যালয় গৃহটো নিৰ্মাণ কৰা হৈছে । সকলো সুবিধা উপলব্ধ এই কাৰ্যালয়টো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰো এক সপোন আছিল। আজি সেই সপোন ফলৱতী হ’ল। কাঁহিকুছিবাসী ৰাইজৰ আজি বহুদিনীয়া অভাৱ এটা পূৰণ হল বুলি মন্তব্য কৰে বিধায়ক কলিতাই। উল্লেখনীয় যে বিধায়ক কলিতাৰ কাৰ্যকালত নিৰ্মাণ হোৱা কাঁহিকুছি গাওঁ পঞ্চায়তৰ দু-মহলীয়া কাৰ্যালয়টোৱে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামকাজৰ এক স্বাক্ষৰ বহন কৰিব। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত গাওঁ পঞ্চায়তৰ ভিজিলেন্স এণ্ড মণিটৰিং কমিটিৰ সদস্য সুভাষ শৰ্মা, খণ্ড উন্নয়ন বিষয়া আজিজা বেগম, পঞ্চায়ত সচিব সুবোধ চন্দ্ৰ কলিতা, আঞ্চলিক পঞ্চায়তৰ সদস্য পৰমেশ্বৰ বৰ্মণ আৰু ৰজিদা বেগম, সহকাৰী কাৰ্যবাহী অভিযন্তা মণিকা ৰাজকোঁৱৰ, সহকাৰী অভিযন্তা নৱ লহকৰ, দক্ষিণ ভোলাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি অমৃত দলৈ, মাজিৰগাঁও গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য, গড়ল গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱা আৰু ভিজিলেন্স এণ্ড মণিটৰিং কমিটিৰ সদস্য পৰেশ বৰুৱা উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন