অসম চৰকাৰৰ প্রাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাক কেন্দ্রীয় বিদ্যুৎ নিয়ামক আয়োগ (চিইআৰচি)ৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে৷ ১৯৮৮ চনৰ বেটছৰ অৱসৰপ্রাপ্ত আইএএছ বিষয়াজনক অর্পণ কৰা এই গুৰুত্বপূর্ণ দায়িত্ব সন্দর্ভত নিযুক্তি সম্পর্কীয় কেবিনেট কমিটীয়ে কালি আনুষ্ঠানিক নির্দেশনা জাৰি কৰে৷ কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ প্রস্তাৱত অনুমোদন জনাই নিযুক্তি সম্পর্কীয় কেবিনেট কমিটীয়ে জাৰি কৰিছে এই নির্দেশনা৷ উল্লেখ্য যে বিগত বর্ষৰ জুন মাহত চিইআৰচিৰ অধ্যক্ষ হিচাপে পি কে পূজাৰীৰ কার্যকাল শেষ হয়৷ তেতিয়াৰ পৰা প্রায় ৮ মাহ ধৰি খালী হৈ আছিল গুৰুত্বপূর্ণ পদটো৷ অৱশেষত যোৱা আগষ্ট মাহত অসম চৰকাৰৰ মুখ্য সচিব হিচাপে অৱসৰ গ্রহণ কৰা জিষ্ণু বৰুৱাক পি কে পূজাৰীৰ স্থলাভিষিক্ত কৰা হয়৷
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers