অপৰাধ প্ৰৱণতা আৰু সমাজৰ ভূমিকা’ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত

0 182

সমাজৰ বৰ্ধিত অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আজি অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীৰ সমীপৰ গৌৰী সদনত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। দলৰ সভাপতি ৰিপুণ বৰাই মুকলি কৰা আলোচনা চক্ৰত বিশিষ্ট শিক্ষাবিদ-সাংবাদিক-লেখক ড° দয়ানন্দ পাঠক, বিশিষ্ট সাংবাদিক-অৰ্থনৈতিক আৰু ৰাজনৈতিক বিশ্লেষক অদীপ কুমাৰ ফুকন, বিশিষ্ট সাংবাদিক-লেখক ৰবীন ভূঞা, অধিবক্তা অঞ্জুলিনা দেৱ চৌধুৰী গোস্বামী আমন্ত্ৰিত বক্তা হিচাপে অংশ লৈ ‘অপৰাধ প্ৰৱণতা আৰু সমাজৰ ভূমিকা’ শীৰ্ষক বিষয়ত বক্তব্য ৰাখে।

ড° দয়ানন্দ পাঠকে তেওঁৰ ভাষণত অপৰাধ বৃদ্ধিৰ আঁৰৰ কাৰণসমূহ ব্যাখ্যা কৰে। আধুনিকতাৰ নামত শেহতীয়াকৈ পৰিয়ালসমূহৰ মাজত অহা ভাঙোন, বস্তুবাদী চিন্তাধাৰা, কৃত্ৰিমতাৰ প্ৰতি আগ্ৰহ আদি বিষয়সমূহক দাঙি ধৰে। আনহাতে অদীপ কুমাৰ ফুকনে সুৰামুক্ত অসমৰ ওপৰত গুৰুত্ব আৰোপ কৰে।প্ৰসংগক্ৰমে অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধে ঠায়ে ঠায়ে স্বেচ্ছাসেৱী অনুষ্ঠানে জনসচেতনতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই আঁত ধৰা আলোচনা চক্ৰখনত যুৱ অধিবক্তা অঞ্জুলিনা দেৱচৌধুৰীয়ে বক্তব্য প্ৰদান কৰি অপৰাধৰ সংবাদ পৰিৱেশনত একাংশ মিডিয়াই অতিৰঞ্জিত কৰা বুলি অভিযোগ উত্থাপন কৰি এই ক্ষেত্ৰত সংযম পালনৰ বাবে আহ্বান জনায়।অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত আৰু অসম তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা অভিনেত্ৰী জুপিতৰা ভূঞাই বৰ্ধিত অপৰাধজনিত ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰে।ইয়াৰ পূৰ্বে সভাপতি ৰিপুণ বৰাই আলোচনা চক্ৰ খন কৰে।

Leave A Reply

Your email address will not be published.