যোৰহাটত বাল্য বিবাহ ৰোধ সন্দৰ্ভত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ জৰুৰী সভা সম্পন্ন

0 140

যোৰহাট জিলাত বাল্য বিবাহ সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰাৰ লক্ষ্য ৰাখি এই সন্দৰ্ভত আজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ যুটীয়া উদ্যোগত, জিলা উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত এখন জৰুৰী সভা অনুষ্ঠিত হৈ যায়৷আৰক্ষী প্ৰশাসনৰ সকলো বিষয়া, গাঁও পঞ্চায়তৰ সচিবসকল আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাখনত চৰকাৰে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ সহযোগিতা কৰি উপস্থিত সকলোকে নিজ নিজ কৰ্তব্য সততাৰে পালন কৰিবলৈ উপায়ুক্তই আহ্বান জনায়৷এই ক্ষেত্ৰত চৰকাৰে বাল্য বিবাহ ৰোধৰ কাৰণে প্ৰতিজন গাঁও পঞ্চায়তৰ সচিবক বাল্য বিবাহ ৰোধ বিষয়া ( Child Marriage Prohibition Officer) হিচাপে নিয়োগ কৰাৰ বিষয়ে অবগত কৰি কয় যে,”ক্ষমতা বাঢ়িলে দায়িত্বও বাঢ়ে৷গতিকে সচিবসকলে এতিয়াৰে পৰা অধিক দায়িত্ব সহকাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ সাজু হোৱা উচিত” ৷ যোৰহাট জিলাটো এতিয়াৰে পৰা ৯০ খন তথা প্ৰতিখন পঞ্চায়ততে সচিব সকলৰ লগতে গাঁও প্ৰধান,আশা কৰ্মী,অংগনবাদী কৰ্মী, ভি ডি পি আদি সংশ্লিষ্ট সকলোকে লৈ একোটাকৈ দল গঠন কৰি কামৰ দায়িত্ব দিয়া হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে সভাত জানিবলৈ দিয়ে৷যিহেতু কম বয়সতে বিয়া হ’লে এজনী ছোৱালীয়ে শাৰীৰিক আৰু মানসিক ভাৱে বোজা বহন কৰিবলগীয়া হয়,সেয়ে সচিব সকলৰ লগতে সকলোকে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি জিলাখনত ভৱিষ্যতে এখনো যাতে বাল্য বিবাহ নহয় তাৰ প্ৰতি সষ্টম আৰু সজাগ হ’বলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়৷

ইয়াৰোপৰি সভাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত প্ৰতি সপ্তাহতে একোখনকৈ সভা অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত লোৱা হয় য’ত সচিব সকলৰ লগতে থানাসমূহৰ আৰক্ষী বিষয়াসকল উপস্থিত থাকিব৷জিলা উপায়ুক্ত গৰাকীয়ে বিদ্যালয়সমূহতো বাল্য বিবাহৰ ভয়াবহতাৰ বিষয়ে আৰু যান বাহন আইন সন্দৰ্ভতো শিক্ষা দিয়াটো বাধ্যতামূলক কৰিব বুলিও সভাত জানিবলৈ দিয়ে৷সভাত বাল্য বিবাহ নিষিদ্ধকৰণ আইন ২০০৬ ৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বাল্য বিবাহ কৰা, বাল্য বিবাহৰ সহযোগ কৰা, প্ৰচাৰ কৰা আদি সকলো দোষীৰ ক্ষেত্ৰত কিদৰে ধাৰা সমূহ প্ৰয়োগ কৰি আইনী ব্যৱস্থা লোৱা হয় সেই সম্পৰ্কে পাৱাৰ পইন্ট প্ৰেজেন্টেশ্বনৰ জৰিয়তে বিতংভাৱে জানিবলৈ দিয়া হয়৷ সভাত আৰক্ষী অধীক্ষক মোহনলাল মীনাই আইনী ব্যৱস্থা সম্পৰ্কে গাঁও অঞ্চল সমূহত ৰাইজক সজাগ কৰিবলৈ কোৱাৰ লগতে জিলাখনত ভবিষ্যতে বাল্য বিবাহ শূন্য কৰিবলৈ আৰম্ভ পৰা পদক্ষেপৰ সহযোগিতা কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰনব কুমাৰ বৰাই গাঁও পঞ্চায়তৰ সচিবসকলক বাল্য বিবাহ ৰোধৰ কাৰণে ভিতৰুৱা অঞ্চল সমূহত গৈ হ’লেও যৎপৰোনাষ্টি চেষ্টা কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিকোনো অসুবিধাৰ সন্মুখীন হ’লে জিলা পৰিষদে সহায় কৰিব বুলিও আশ্বাস প্ৰদান কৰে৷

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত অৰুণ ব্ৰহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী,তিতাবৰৰ মহকুমাধিপতি ৰাহুল গুপ্তা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: শশীধৰ ফুকনৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.