গুৰুজনাৰ জন্মভূমিত ৫ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ

0 158

আৱিৰৰ ৰঙেৰে ৰঙীণ হ’ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱা।পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱভাগ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ।অহা ইং ৬ মাৰ্চ পৰা আৰম্ভ হ’বলগীয়া দৌল মহোৎসৱ ভাগ ১০ মাৰ্চত অন্ত পৰিব । ইতিমধ্যে দৌল মহোৎসৱৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে থান পৰিচালনা সমিতিয়ে। লাখ লাখ ভক্তৰ সমাগম ঘটিব দৌল মহোৎসৱত। অতিথি সকলক আদৰিবলৈ প্ৰস্তুত প্ৰায় সম্পূৰ্ণ কৰি তুলিছে থান পৰিচালনা সমিতিৰ লগতে বটদ্রৱাবাসীয়ে।মহোৎসৱৰ আটাইকেইদিনেই নিশা প্ৰদৰ্শিত হ’ব গুৰুজনাৰ অপুৰ্ব সৃষ্টিৰাজি অংকীয়া ভাওনাৰ লগতে সত্ৰীয়া নৃত্য অনুষ্ঠান ,হোলী গীত আৰু বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসুচী । মহোৎসৱ সফল কৰি তুলিবলৈ ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।সমগ্ৰ অনুষ্ঠানত কেবাগৰাকী বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.