অভিজাত আৰু শিক্ষিত লোকৰ মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত চূড়ান্ত কৰফাকিৰে যানবাহন আইন উলংঘা কৰা বাহনৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি অৱলম্বন কৰি অসম চৰকাৰৰ পৰিবহণ বিভাগে আজিৰে পৰা আৰম্ভ কৰে অভিযান “ছাৰখাৰ-২ ৷” ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে ১মাৰ্চৰ পৰা অভিযান “ছাৰখাৰ-২” আৰম্ভ হোৱাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰি কয় যে যানবাহনৰ বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া, নথিপত্ৰ নৱীকৰণ নকৰা আৰু বৰ্হিৰাজ্যৰ নাম্বাৰপ্লেট লগাই অসম চৰকাৰক কৰ-কাটল আদায় নিদিয়া বাহনৰ গৰাকী অভিযান “ছাৰখাৰ -২”ৰ প্ৰধান লক্ষ্য। জিলা পৰিবহণ বিষয়া (প্ৰবৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক কাণাই মহন্ত, জয়সিং ৰংফাৰ, প্ৰবৰ্তক মোজাম্মিল হক, লক্ষী গোহাই, নিতু চেতিয়া, মৰমী ওজা, লিলি দেউৰীকে ধৰি পৰিবহণ বিভাগৰ ভালেসংখ্যক উচ্চ ক্ষমতাসম্পন্ন বিষয়াৰ উপস্থিতিত অভিযান ছাৰখাৰ ২ৰ আৰম্ভণিৰ এক অনুষ্ঠানত সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে কয় যে নাগালেণ্ড, মনিপুৰ, মিজোৰাম, মেঘালয়কে ধৰি বৰ্হিৰাজ্যৰ বিভিন্ন বহুজাতিক উদ্যোগ প্ৰতিষ্ঠানে নিজৰ নিজৰ ব্যৱসায়ৰ স্বাৰ্থত সেই ৰাজ্যসমূহত বাহন পঞ্জীয়ন কৰি অসম চৰকাৰক এটকাও কৰ-কাটল আদায় নিদিয়াকৈ সম্পূৰ্ণ বেআইনীভাৱে অসমত ব্যৱসায়ৰ খোপনি পোটাসকলৰ এইবাৰ কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ’ব । সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ সংগ্ৰহকাৰী বিভাগসমূহক ক’তো অকণো সুৰুঙা নথকাকৈ কাম কৰিবলৈ দিয়া জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া নিৰ্দেশত পৰিবহণ বিভাগে ইতিমধ্যে পুলিচ প্ৰশাসন,স্বাস্থ্য, আৱকাৰীকে ধৰি পথসুৰক্ষাৰ লগত জড়িত অন্যান্য বিভাগৰ উচ্চপদস্থ বিষয়াৰে “অপাৰেচন ছাৰখাৰ -২”ৰ অনাগত দিনৰ কৰ্মপন্থাৰ বাবে সাজু হৈছে। উল্লেখ্য যে বৰ্হিৰাজ্যকে ধৰি অন্যান্য বহুজাতিক ব্যৱসায়িক উদ্যোগ প্ৰতিষ্ঠানে কেবল গুৱাহাটী মহানগৰীতে ১৫০ কোটিতকৈয়ো অধিক টকাৰ যানবাহন কৰ আদায় দিবলৈ থকাৰ তথ্য সদৰি কৰাৰ লগতে বুধবাৰে অপাৰেচন ছাৰখাৰ আৰম্ভ কৰি মহানগৰীৰ খানাপাৰাত চলোৱা অভিযানত ৩০খন বাহন জব্দ কৰাৰ লগতে বহুসংখ্যক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা কয়। উল্লেখ্য যে বিগত ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে ২০০০ৰো অধিক বাহনৰ গৰাকী, উদ্যোগ প্ৰতিষ্ঠানলৈ জৰিমনাৰ পৰা হাত সাৰি সময়মতে কৰকাটল আদায় দিবলৈ ডিমাণ্ড নটিছ প্ৰেৰণ কৰাৰ বিপৰীতে অনাগত সময়ত ১০,০০০ৰো অধিক ডিমাণ্ড নটিছ প্ৰেৰণ কৰিবলৈ বিভাগীয়ভাৱে সাজু হৈছে । ইফালে জিলা পৰিবহণ বিষয়া (প্ৰবৰ্তক) হিমাংশু কুমাৰ দাসে অনাগত সময়ত কৰ অনাদায়ী এখনো বাহন সাৰি যাবলৈ দিয়া নহ’ব বুলি কৈ সকলো ধৰনৰ যানবাহনৰ গৰাকীৰ লগতে ব্যৱসায়ীক উদ্যোগ প্ৰতিষ্ঠানসমহক ৩১মাৰ্চৰ আগতে বকেয়াসহ যানবাহনৰ সকলো যাৱতীয় কৰ আদায় দিবলৈ আহ্বান জনায় ।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা