পলাশবাৰীৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ সহযোগত গ্রামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত অলপতে পাপৰ,আচাৰ, জাম, জেলী, মছলা পাওদাৰৰ ১০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ অলপতে অনুষ্ঠিত হৈ যায়। প্রশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষণ শিৱিৰ মুকলি কৰে গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক শংকৰ চক্ৰৱৰ্তীয়ে। সঞ্চালক চক্ৰৱৰ্তীয়ে সকলোকে স্বৱলম্বী হোৱাৰ ওপৰত ভাষণ প্ৰদান কৰি স্বৱলম্বী হোৱাৰ উপদেশ দিয়ে। অনুষ্ঠানত প্ৰশিক্ষক মিনাক্ষী গোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক বেঙেনাৰ মিঠা আচাৰ,আমলখিৰ আচাৰ,মধুৰীয়ামৰ জেলি, বিলাহীৰ চচ আদিৰ লিখিত আৰু ব্যৱহাৰিক দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।ইয়াৰ পিছত মুনীন্দ্ৰ দাসে দাইলৰ গুৰিৰ পৰা বনোৱা পাপৰ,চাগু পাপৰ, আলু চিপচ্, কলৰ চিপচ্ আদি বিভিন্ন আচাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণত সৰ্বমুঠ ৩১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষক প্ৰণৱ শৰ্মাই বেংক বিষয়ৰ ওপৰত আৰু ব্যৱসায়িক দিশৰ ওপৰত ভাষণ প্ৰদান কৰে।প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা