মঙ্গলবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত চান্দৰডিঙা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰং উৎসৱ। কালিলৈ ৰাতিপুৱা ১০ বজাত খেলপথাৰখনত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘ (আৰএচএচ)ৰ ধুবুৰী জিলাৰ সংঘচালক ডঃ দ্বীপেন্দ্ৰ নাথ অধিকাৰীৰ বন্তি প্ৰজ্বলেনেৰে সেই কাৰ্য্যলূচীৰ শুভাৰম্ভ ঘটিব। পুৱা ১০-৩০ বজাত ৪ৰ পৰা ১০ বছৰীয়া শিশুৰ মাজত অনুষ্ঠিত হ’ব কৃষ্ণ সজ্জা প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী তথা চলচিত্ৰ বিত্ত উন্নয়ন নিগম, অসমৰ অধ্যক্ষ সীমান্ত শেখৰে। বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰে কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰং উৎসৱত অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে মুখ্য অতিথিৰূপে উপস্থিত থকাৰ বিপৰীতে আৰএচএচৰ উত্তৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ ৰথীন্দ্ৰ সিনহা মুখ্য বক্তা ৰূপে উপস্থিত থাকিব। আনহাতে, কাইলৈ ধুবুৰীৰ বিশিষ্ট সাংস্কৃতিক আৰু সামাজিক গোষ্ঠী “নৃত্যাঙ্গন”ৰ উদ্যোগতো চহৰখনৰ বৰলুইতৰ পাৰৰ ৰাজীৱ গান্ধী উদ্যানত অনুষ্ঠিত হ’ব “বসন্ত উৎসৱ-২০২৩”। কাইলৈ পুৱা ৮-৩০ বজাত ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰীৰ পৰা ৰাজীৱ গান্ধী উদ্যানলৈ হ’বলগীয়া এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে সেই কাৰ্য্যসূচীৰ শুভাৰম্ভ ঘটিব। সেই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি কালিলৈ এখন স্মৰণিকাও উন্মোচন কৰা হ’ব বুলি উদ্যক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন