হাৰিয়ানাৰ পঞ্চকুলাত ১০ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ২৬ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া প্ৰতিযোগিতাৰ কালি সন্ধিয়া সামৰণি পৰে। প্ৰতিযোগিতাত অসম চৰকাৰৰ বন বিভাগৰ এটা ৬৩ জনীয়া দলে ভাগ লৈছিল।বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি বন বিভাগৰ মধ্য অসম চক্ৰৰ মুখ্য বন সংৰক্ষক তথা বিভাগৰ নডেল ক্ৰীড়া বিষয়া মুথু কুমাৰ ভেলৰ নেতৃত্বত যোৱা ৬০ জনীয়া দলটোৱে উন্নত মানৰ প্ৰদৰ্শনৰে ৩ টা সোণ,দুটা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰসহ মুঠ ১১ টা পদক লাভ কৰিছে।ইয়াৰ ভিতৰত আঞ্চলিক বন বিষয়া ৰবীন কুমাৰ বৈশ্যই দুটা শাখাৰ ভাৰত্তোলনত দুটা সোণ আৰু দুটা শাখাৰ শক্তি উত্তোলনত দুটা ব্ৰঞ্জকে ধৰি সৰ্বাধিক চাৰিটা পদক লাভ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে।আনহাতে বিজয় চেতিয়া পাত্ৰই দুটা শাখাৰ ডিচকাছ থ্রোত এটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিছে।বাকী পদক লাভ কৰা খেলুৱৈৰ ভিতৰত ১০০ মিটৰ দৌৰত আজিজুল হকে এটা ব্ৰঞ্জ , দ্বৈত শাখাৰ টেবল টেনিছত মুস্তাফা আলী আহমেদ আৰু অভিজিৎ ৰায়চৌধুৰীয়ে এটা ব্ৰঞ্জ ,একক শাখাৰ বেডমিণ্টনত পুৰঞ্জয় শৰ্মাই এটা ব্ৰঞ্জ , দ্বৈত শাখাৰ বেডমিণ্টনত শংকৰ ৰয় আৰু পুৰঞ্জয় শৰ্মাই এটা ৰূপ,শক্তি উত্তোলনত মোছাৰফ হুছেইন চৌধুৰীয়ে এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।আনহাতে অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু ,সাধাৰণ সম্পাদক ৰাহুল বৰা আৰু প্ৰচাৰ সম্পাদক ৰাজা দাসে এটা বিবৃতিত সৰ্বভাৰতীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰা দলটোৰ প্ৰতিজন খেলুৱৈক শুভেচ্ছা কৰাৰ লগতে তেওঁলোক গুৱাহাটীত উপস্থিত হোৱাৰ সন্থাৰ ফালৰ পৰা ৰাজহুৱা ভাবে সম্বৰ্ধনা জনোৱা হব বুলি জানিবলৈ দিছে।
Trending
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি