ভাৰতীয় চাহ ব’ৰ্ড ৭০তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দিনজোৰা কাৰ্যসূচীৰে নাজিৰা গেলেকীৰ হাতীপটিতো কালি ভাৰতীয় চাহ ব’ৰ্ডৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি গেলেকী হাতীপটি বগীচাপৰিত কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুনগত মানদণ্ডৰে চাহখেতি কৰি আদৰ্শ দাঙি ধৰা ৮ জনকৈ ক্ষুদ্ৰ চাহ খেতিয়কক পুৰস্কাৰ প্ৰদান কৰা হয় লগতে বিগত বৰ্ষৰ চাহপাত নিলাম কেন্দ্ৰত বিক্ৰীৰ ক্ষেত্ৰত উন্নতমানৰ বাবে শিৱসাগৰ জিলাৰ বিষ্ণুপ্ৰিয়া আৰু ফ্ৰেণ্ডচক বঁটাৰে বিভূষিত কৰা হয়। গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা অহা এটা সজাতি দলে “ফেণ্ডচ ট্ৰী আৰু বিষ্ণুপ্ৰিয়া ট্ৰী”ক তেওঁলোকৰ চাহৰ সোৱাদৰ বাবে প্ৰশংসিত কৰাৰ লগতে তেওঁলোকৰ চাহ ক্ৰয কৰাৰ বাবে চুক্তিবদ্ধ হয়। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক পৰিয়ালৰ চাৰিগৰাকী মেধাবী ছাত্ৰ- ছাত্ৰীকো চাহ ব’ৰ্ডৰ ফালৰ পৰা পুৰষ্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত চাহ ব’ৰ্ডৰ শিৱসাগৰ জিলাৰ উন্নয়ন বিষয়া ড০ দেৱজিৎ বৰা,সহকাৰী সঞ্চালক সঞ্জীৱ ৰাজবংশী, ফেক্টৰী এডভাইজাৰ বিষয়া কিশোৰ জ্যোতি টাকুকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি