ভাৰতীয় চাহ ব’ৰ্ড ৭০তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দিনজোৰা কাৰ্যসূচীৰে নাজিৰা গেলেকীৰ হাতীপটিতো কালি ভাৰতীয় চাহ ব’ৰ্ডৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি গেলেকী হাতীপটি বগীচাপৰিত কালি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুনগত মানদণ্ডৰে চাহখেতি কৰি আদৰ্শ দাঙি ধৰা ৮ জনকৈ ক্ষুদ্ৰ চাহ খেতিয়কক পুৰস্কাৰ প্ৰদান কৰা হয় লগতে বিগত বৰ্ষৰ চাহপাত নিলাম কেন্দ্ৰত বিক্ৰীৰ ক্ষেত্ৰত উন্নতমানৰ বাবে শিৱসাগৰ জিলাৰ বিষ্ণুপ্ৰিয়া আৰু ফ্ৰেণ্ডচক বঁটাৰে বিভূষিত কৰা হয়। গুজৰাট আৰু মহাৰাষ্ট্ৰৰ পৰা অহা এটা সজাতি দলে “ফেণ্ডচ ট্ৰী আৰু বিষ্ণুপ্ৰিয়া ট্ৰী”ক তেওঁলোকৰ চাহৰ সোৱাদৰ বাবে প্ৰশংসিত কৰাৰ লগতে তেওঁলোকৰ চাহ ক্ৰয কৰাৰ বাবে চুক্তিবদ্ধ হয়। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক পৰিয়ালৰ চাৰিগৰাকী মেধাবী ছাত্ৰ- ছাত্ৰীকো চাহ ব’ৰ্ডৰ ফালৰ পৰা পুৰষ্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত চাহ ব’ৰ্ডৰ শিৱসাগৰ জিলাৰ উন্নয়ন বিষয়া ড০ দেৱজিৎ বৰা,সহকাৰী সঞ্চালক সঞ্জীৱ ৰাজবংশী, ফেক্টৰী এডভাইজাৰ বিষয়া কিশোৰ জ্যোতি টাকুকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন