কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয়। জিলা উপায়ুক্তৰ সভাগৃহত বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত সভাখনত জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। সভাত উপস্থিত থাকি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ লগত সংযোগী অনান্য পথসমূহত শেহতীয়াকৈ বৃদ্ধি হোৱা যানজঁট শীঘ্ৰেই নিয়ন্ত্ৰণ কৰি এক সূচল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লগতে মহানগৰীত থকা ব্লেক স্পটসমূহ চিনাক্ত কৰি জিলা পথ-সুৰক্ষা সমিতিৰ অৱগত কৰিবলৈ ট্ৰেফিকৰ লগতে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। ইফালে আই পি এলৰ বাবে মহানগৰীলৈ আগমন হোৱা খেলুৱৈসকলৰ যাতায়াতৰ বাবে বিমানবন্দৰৰ পৰা ৰেডিছন ব্লু, বিমান বন্দৰৰ পৰা হোটেল তাজ, ৰেডিছন ব্লুৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম আৰু হোটেল তাজৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম সংযোগী নিদিষ্ট পথসমূহত প্ৰতিটো মুহূৰ্ততে শৃংখলাবদ্ধ আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ একেদৰে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ সময়ত নিচিদ্ৰ যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে ট্ৰেফিকসহ অনান্য বিভাগসমূহক নিৰ্দেশ দিয়ে ৷ এমভিআই, লোকনিৰ্মাণ বিভাগৰ পথ নিৰ্মাণকে ধৰি অনান্য বিভাগৰ বিষয়াৰে গঠিত দুৰ্ঘটনা অনুসন্ধানকাৰী দল পূৰ্বতকৈ অধিক সষ্টম কৰি দূৰ্ঘটনা বিষয়ক সকলো অনুসন্ধান পুংখানুপুংখভাৱে অব্যাহত ৰাখি জিলা পথ-সুৰক্ষা সমিতিক অৱগত কৰি থাকিবলৈয়ো জিলা উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ৷ পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভাখনত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পথ-সুৰক্ষা সমিতিৰ সচিব তথা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা হেমন্ত দেউৰী ভড়ালী, ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাৰ বিষয়া কল্যাণ দত্ত, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতীয়াকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন