গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ টেম্পলঘাট অঞ্চলত ২০২০ চনত ১০ গৰাকী উদ্যমী মহিলা যুৱতীয়ে গঠন কৰিছিল ৰেঙনী আত্মসহায়ক গোট নামৰ এটা সংগঠন। গোটটোৰ সভানেত্ৰী হিচাপে চম্পা দাস, সম্পাদিকা হিচাপে অম্বিকা শৰ্মা (মুন) আৰু ধনভৰালী হিচাপে দায়িত্বত আছে নিশাৰাণী দাস। তেনেদৰে আন সাতগৰাকী সদস্য হল ক্ৰমে – সংঘমিত্ৰা দাস, মনালিছা দাস, ৰিমি তালুকদাৰ, চুমি দাস, নিমি দাস, বীণা দাস, মণিকংকনা দাস। অানহাতে কভিডে প্ৰথম দুটা বছৰ জুৰুলা কৰাৰ পিছত ২০২২ চনৰ পৰা আত্মসহায়ক গোটটোৱে মহিলা সবলীকৰণ আৰু স্বাৱলম্বিতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিগত সম়য়চোৱাত দ্বিতীয় মানচেষ্টাৰ হিচাপে পৰিচিত কামৰূপ জিলাৰ শুৱালকুছি আৰু বংশৰত হস্ততাত শিল্পৰ লগত জড়িত কিছু সংখ্যক মহিলা শিপিনীৰ জৰিয়তে উৎপাদন কৰিছে গামোচাকে ধৰি পুৰুষ আৰু মহিলাই ব্যৱহাৰ কৰিব পৰা কাপোৰ তথা বস্র। এতিয়া আগন্তক ৰঙালী বিহু উপলক্ষে ৰেঙনী আত্মসহায়ক গোটৰ উদ্যোগত পহিলা এপ্ৰিলৰ পৰা মালিগাঁৱ চাৰিআলিত চলি আছে এক অসমীয়া সাজপাৰৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ। পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থকা প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰটোত ১৪ এপ্ৰিললৈকে বিভিন্ন অসমীয়া সাজপাৰ, গামোচা উপলব্ধ হব বুলি গোটৰ কৰ্মকৰ্তা সকলে জানিবলৈ সকলে জানিবলৈ দিছে।
Trending
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis