গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ টেম্পলঘাট অঞ্চলত ২০২০ চনত ১০ গৰাকী উদ্যমী মহিলা যুৱতীয়ে গঠন কৰিছিল ৰেঙনী আত্মসহায়ক গোট নামৰ এটা সংগঠন। গোটটোৰ সভানেত্ৰী হিচাপে চম্পা দাস, সম্পাদিকা হিচাপে অম্বিকা শৰ্মা (মুন) আৰু ধনভৰালী হিচাপে দায়িত্বত আছে নিশাৰাণী দাস। তেনেদৰে আন সাতগৰাকী সদস্য হল ক্ৰমে – সংঘমিত্ৰা দাস, মনালিছা দাস, ৰিমি তালুকদাৰ, চুমি দাস, নিমি দাস, বীণা দাস, মণিকংকনা দাস। অানহাতে কভিডে প্ৰথম দুটা বছৰ জুৰুলা কৰাৰ পিছত ২০২২ চনৰ পৰা আত্মসহায়ক গোটটোৱে মহিলা সবলীকৰণ আৰু স্বাৱলম্বিতাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিগত সম়য়চোৱাত দ্বিতীয় মানচেষ্টাৰ হিচাপে পৰিচিত কামৰূপ জিলাৰ শুৱালকুছি আৰু বংশৰত হস্ততাত শিল্পৰ লগত জড়িত কিছু সংখ্যক মহিলা শিপিনীৰ জৰিয়তে উৎপাদন কৰিছে গামোচাকে ধৰি পুৰুষ আৰু মহিলাই ব্যৱহাৰ কৰিব পৰা কাপোৰ তথা বস্র। এতিয়া আগন্তক ৰঙালী বিহু উপলক্ষে ৰেঙনী আত্মসহায়ক গোটৰ উদ্যোগত পহিলা এপ্ৰিলৰ পৰা মালিগাঁৱ চাৰিআলিত চলি আছে এক অসমীয়া সাজপাৰৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ। পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈকে খোলা থকা প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰটোত ১৪ এপ্ৰিললৈকে বিভিন্ন অসমীয়া সাজপাৰ, গামোচা উপলব্ধ হব বুলি গোটৰ কৰ্মকৰ্তা সকলে জানিবলৈ সকলে জানিবলৈ দিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন