অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপন

0 187

অসম সাহিত্য সভাই নিজৰ দিন নামেৰে প্ৰতিবছৰে প্ৰথম ব’হাগৰ দিনা সভাৰ স্বীকৃতি প্ৰাপ্ত শাখা বিলাকৰ যোগেৰে সমগ্ৰ অসমতে উদযাপন কৰি আহিছে। সেই দিনা প্ৰতিখন শাখা সাহিত্য সভাই সাহিত্য,সংস্কৃতি,লোকগাথা,অভিনয়,আদিৰে সমাজক সেৱা আগবঢ়াই অহা তেওঁলোকৰ অঞ্চলৰ ৭০ বছৰ বয়সৰ উৰ্ধৰ ৩ বা ৪ গৰাকী পুৰোধা ব্যক্তিক তেওঁলোকৰ ঘৰলৈ গৈ গামোছা,জাঁপি,শৰাই, ফুলৰ টোৰা আৰু অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰ থকা নিজৰ দিনৰ মান পত্ৰ এখনৰে পৰিয়াল প্ৰতিজনৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হয়।সেই উদ্দেশ্যে চচল শতদল শাখা সাহিত্য সভাই আজি তিনি গৰাকী বিশেষ ব্যক্তি ক্ৰমে শশী ফুকন, তীৰ্থনাথ ভূঞা আৰু ফটিক চন্দ্ৰ শৰ্মা প্ৰত্যকৰে ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু আত্মীয় কুটুম্বৰ উপস্থিতিত সম্বৰ্ধনা আগবঢ়ায়।

শশী ফুকন এটা যুগ ধৰি বিষ্ময় আলোচনীখন প্ৰকাশেৰে অসমৰ সাহিত্য জগতত এক ইতিহাসৰ সৃষ্টি কৰিছে।যোৱা কোভিড মহামাৰীৰ সময়ত তেওঁ অসুস্থ হয় আৰু তেতিয়াৰ পৰা আলোচনীখনৰ প্ৰকাশ বন্ধ থাকে।চচল শতদল শাখা সাহিত্যৰ পৰা এই আলোচনীখন পুনৰ প্ৰকাশ কৰিবলৈ তেওঁক অনুৰোধ জনোৱা হয় আৰু প্ৰায় ৭৮ বছৰ অতিক্ৰম কৰ শ্ৰীফুকনৰ সুস্বাস্থ্য কামনা কৰা হয় ।

আন এগৰাকী পুৰোধা ব্যক্তি তীৰ্থনাথ ভূঞাক তেওঁৰ চচলস্থ নিজৰ বাসভৱনত গৈ আজিৰ এই কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হয় ।ভুঞা এগৰাকী কৃতি লেখক । ৮০ বছৰ বয়সতো তেওঁ সাহিত্য চৰ্চা কৰি আছে। তেওঁৰ পৰিয়ালৰ আটাইকেইজন সদস্যই অসমৰ শিক্ষা , সাহিত্য আৰু সংস্কৃতিৰ জগতখনত ওঁত: প্ৰোত: ভাৱে জড়িত হৈ আছে।

ইযাৰ পাচত দ্বাৰকানগৰ চিলাৰায় পথ নিবাসী ফটিক চন্দ্ৰ শৰ্মা দেৱৰ ঘৰলৈ গৈ তেওঁকো নিজৰ দিনৰ সম্বৰ্ধনা জনোৱা হয় । শৰ্মাই অসম চৰকাৰৰ কেবাটাও বিভাগত সফলতাৰে চাকৰী কৰি ২০১০ চনত অৱসৰ গ্ৰহণ কৰে,তাৰ পিছৰ পৰাই একাণপতিয়াকৈ সাহিত্য সাধনা কৰি আছে।

এই আটাইকেইজন ব্যক্তিৰ ওচৰলৈ অসম সাহিত্য সভাৰ হৈ চচল শতদল শাখা সাহিত্য সভাৰ ফালৰ পৰা সভাপতি থানেশ্বৰ মালাকাৰ, সম্পাদক ড০ কমল চৌধুৰী, উপসভাপতি কনক চন্দ্ৰ মহন্ত, সহকাৰী সম্পাদক নিকুঞ্জ কুমাৰ দাস, সাংস্কৃতিক সম্পাদক হৰিনাৰয়ণ বৰ্মন আৰু কাৰ্যবাহী সদস্যা তথা আকাশৰ আহ্বায়িকা মঞ্জু দত্তই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.