চচল যুৱক সংঘৰ সৌজন্যত ৩৮ তম বাৰ্ষিক বৃহত্তৰ চচল ব’হাগী উৎসৱ ২০২৩ যোৱা ৮ আৰু ৯ বহাগ ২২ আৰু ২৩ এপ্ৰিল ২০২৩ সফল ভাৱে সামৰণি পৰে। উদযাপন সমিতিৰ বিষয়-ববীয়া সকল ক্ৰমে কাৰ্যকৰী সভাপতি লুটফুৰ ৰহমান, কোষাধ্যক্ষ মোহন টেৰণ, সম্পাদক ঈশান বড়ো, মনোজ কুমাৰ ৰায় ,তথা সমিতিৰ প্ৰতিজন সদস্যৰ অতি পৰিশ্ৰম আৰু ত্যাগৰ ফল স্বৰূপে দুয়োটি নিশাৰ অনুষ্ঠান সফল ৰূপায়ন হয়। সভাপতি পৰাগ মহন্ত, উপদেষ্টা ক্ৰমে মুকুল শৰ্মা, ৰাজিৱ শইকীয়া, মানস প্ৰতিম তালুকদাৰ,গোবিন্দ টুমুং আৰু ড° হিৰোমণি শইকীয়াৰ বিশেষ সহযোগীতাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান বিশেষকৈ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আকৰ্ষণীয় নৃত্যশৈলী অনুষ্ঠান দৃষ্টি নন্দন আৰু সকলোৰে আকৰ্ষণীয় কৰি তোলে৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান প্ৰাক্তন সভাপতি স্বৰ্গীয় ৰণজিৎ ক্ৰ সোঁৱৰণি মঞ্চ বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰে অন্যতম উপদেষ্টা প্ৰীয়াক্ষী মহন্ত আৰু প্ৰয়াত ৰঞ্জিত ক্ৰৰ পৰিয়াল বৰ্গই।উক্ত সাংস্কৃতিক অনুষ্ঠানত গুৱাহটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া,বিশিষ্ট সমাজ সংগঠক নৱ কুমাৰ মুদৈ,প্ৰশান্ত শইকীয়া ,সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰেখা চেত্ৰীৰ মনপৰশা গীতে বিহুতলীত উপস্থিত পাঁচ সহস্ৰাধিক লোকক মন্ত্ৰ মুগ্ধ কৰি তোলে৷দুয়োটি নিশাৰ কাৰ্যসূচীৰ সাংস্কৃতিক সম্পাদক ধৰ্মেন্দ্ৰ টেৰণৰ পৰিচালনাৰে সফল সমাপ্তি ঘটে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন