শোণিতপুৰৰ ঐতিহ্যমণ্ডিত চাৰিদুৱাৰত শীঘ্ৰেই নিৰ্মাণ হ’ব এখন মডেল ডিগ্ৰী কলেজ আৰু চি বি এছ চি বিদ্যালয়। নিৰ্ভৰযোগ্য সূত্ৰৰপৰা লাভ কৰা তথ্য অনুসৰি , শিক্ষাবিভাগৰ তৰফৰপৰা চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ( পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় )ভূমিত নিৰ্মাণ কৰা হ’ব উক্ত কলেজ আৰু চি বি এছ চি বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব । এই সন্দৰ্ভত প্ৰাপ্ত আন এক তথ্য মতে নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা ভূমিৰ আৱন্টনৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ বিচাৰি চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াই শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক এক পত্ৰ প্ৰেৰণ কৰিছে । আৰু সেই পত্ৰ ভিত্তিত জিলা বিদ্যালয়ৰ পৰিদৰ্শক আজি নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসক লগত লৈ ভূমি পৰিদৰ্শন কৰাৰ লগতে যাৱতীয় নথিৰো দিহা কৰে। এই খবৰে বিদ্যালয়ৰ পৰিচালনা সমিতি, বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষাগুৰু, অঞ্চলবাসী ৰাইজক উৎসাহিত কৰিছে । উল্লেখ্য যে নিৰ্মাণ হ’বলগীয়া মডেল ডিগ্ৰী কলেজখন কোনটো শাখাৰ হ’ব সেয়া এইমূহুৰ্তলৈকে জানিব পৰা হোৱা নাই।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon