TMPK, MMK, TMMK, MBK, MAK, আৰু MDK কলিয়া যমুদচুক ডাম্বুকিয়াল আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি অপব্যয় নোহোৱাকৈ বৃহত্তৰ কলিয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিবেশ কৰি ৰাখিবলৈ গ্ৰহণ কৰা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি অনুষ্ঠান অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয়। আজিৰ সামৰণি অনুষ্ঠান শুভ উদ্ধোধন কৰে মাজুলী জিলা TMPK ৰ শিক্ষা সম্পাদক উত্তম নৰহে আৰু সভাত সভাপতিত্ব কৰে TMPK আৰু TMMK কলিয়া আঞ্চলিকৰ সভাপতি জয়পাল নৰহে৷ সভাখন আঁত ধৰে কলিয়া আঞ্চলিকৰ TMPK ৰ সম্পাদক ৰাকেশ নৰহে। সভাত উপস্থিত থাকে TMPK মাজুলী জিলা সমিতিৰ সদস্য জয়কুমাৰ পাদুন, বুদ্ধেশ্বৰ মিলি, MMK মাজুলী জিলাৰ সদস্য লোকনাথ নৰহ,জয়ন্ত মিলি,TMMK মাজুলী জিলাৰ সদস্যা ৰাণী নৰহকে আদি কৰি অঞ্চলৰ গণ্য মান্য ব্যক্তিসকলৰ লগতে গ্ৰীষ্মকালীন বন্ধৰ কেইদিন ছাত্ৰ ছাত্ৰীক পাঠ দান দিয়া শিক্ষকসকল৷ উল্লেখযোগ্য যে, উপস্থিত জিলা সদস্য আৰু শিক্ষা গুৰু সকলোৱে কলিয়া আঞ্চলিক সমিতিৰ এনে মহৎ পদক্ষেপক শলাগ জনাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে পৰামৰ্শ প্ৰদান কৰে। শেষত বৃহত্তৰ কলিয়া ৰাইজে একেমুখে এনে যুগান্তকাৰী পদক্ষেপক প্ৰশংসা কৰাৰ লগতে আগলৈও এনে পদক্ষেপ গ্ৰহণ অঞ্চলবাসীৰ শিক্ষাৰ্থীক উৎসাহিত কৰি থাকিবলৈ আহ্বান জনায়।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন