পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অসমৰ সাংস্কৃতিক প্ৰতিষ্ঠান ভাওৰীয়াৰ উদ্যোগত ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালা আয়োজন কৰা হৈছে।যোৱা ৫ ছেপ্টেম্বৰত গুৱাহাটী আৰ্টিষ্ট গ্ৰিলত বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিত্ৰ শিল্পী গুৱাহাটী আৰ্ট গেলেৰী অৱসৰ প্ৰাপ্ত সঞ্চালক তথা পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰগ্ৰাম কমিটিৰ সদস্য জ্ঞানেন্দ্ৰ বৰকটকী, সংগীত নাটক একডেমী উত্তৰ পূৱ ক্ষেত্ৰৰ সহ: প্ৰকল্পসঞ্চালক দীপক যোশী, চিত্ৰ শিল্পী গজেন সাউদ আৰু সাংস্কৃতিক সঞ্চাকালয় অসমৰ প্ৰকাশন বিষয়া আভা মণি শইকীয়া।সভাত জ্ঞানেন্দ্র বৰকটকী ডাঙৰীয়াই বন্তী প্রজলন কৰি কৰ্মশালাৰ উদ্ধোধন কৰে।কৰ্মশালাত ২৭ জন শিক্ষাৰ্থীৰ লগতে অভিভাৱক সকল উপস্থিত থাকে। শেষত প্ৰজন্ম চহৰীয়াই আঁত ধৰা অনুষ্ঠানটি ভাওৰীয়াৰ সম্পাদক গৌতম কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ