পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অসমৰ সাংস্কৃতিক প্ৰতিষ্ঠান ভাওৰীয়াৰ উদ্যোগত ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালা আয়োজন কৰা হৈছে।যোৱা ৫ ছেপ্টেম্বৰত গুৱাহাটী আৰ্টিষ্ট গ্ৰিলত বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিত্ৰ শিল্পী গুৱাহাটী আৰ্ট গেলেৰী অৱসৰ প্ৰাপ্ত সঞ্চালক তথা পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰগ্ৰাম কমিটিৰ সদস্য জ্ঞানেন্দ্ৰ বৰকটকী, সংগীত নাটক একডেমী উত্তৰ পূৱ ক্ষেত্ৰৰ সহ: প্ৰকল্পসঞ্চালক দীপক যোশী, চিত্ৰ শিল্পী গজেন সাউদ আৰু সাংস্কৃতিক সঞ্চাকালয় অসমৰ প্ৰকাশন বিষয়া আভা মণি শইকীয়া।সভাত জ্ঞানেন্দ্র বৰকটকী ডাঙৰীয়াই বন্তী প্রজলন কৰি কৰ্মশালাৰ উদ্ধোধন কৰে।কৰ্মশালাত ২৭ জন শিক্ষাৰ্থীৰ লগতে অভিভাৱক সকল উপস্থিত থাকে। শেষত প্ৰজন্ম চহৰীয়াই আঁত ধৰা অনুষ্ঠানটি ভাওৰীয়াৰ সম্পাদক গৌতম কুমাৰ দাসে শলাগৰ শৰাই আগবঢ়ায়।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon