আমি অসমীয়া নহও দুখীয়া
কিহৰ দুখীয়া হ’ম
সকলো আছিল,সকলো আছে
নুগুণো নলও গ’ম।
আপ্তবাক্য শাৰীকে সৰোগত কৰি গহপুৰৰ গোপাল শইকীয়া নামৰ ব্যক্তি জনে কাতি বিহুৰ দিনা ব্যতিক্রমী কৰ্মৰে প্ৰকৃত অসমীয়াগিৰিৰ নিদৰ্শন দাঙি ধৰিলে।শইকীয়াৰ মতে বিহাৰী, মাৰোৱাৰী সমাজে যদি নিজা কৃষ্টি ধৰি ৰাখিব পাৰে, আমি অসমীয়াই নোৱাৰিম কিয়!
কথা মতে কাম।সেই অনুসৰি গোপাল শইকীয়াই ১৬০০ মাটি চাকি, আৰু ৫০লিটাৰ মিঠাতেলেৰে গোটেই গাওখন উজলাই তুলিলে। নিজৰ বাৰীৰ বাঁহ,কলগছ কাটি গাঁৱৰ মাজেৰে যোৱা গহপুৰ ৰেল ষ্টেচনৰ সম্পূৰ্ণ পথ,নামঘৰ, স্কুলত মাটি চাকি জ্বলাই কাতি বিহুৰ দিনা এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰিলে।এই সম্পৰ্কত গোপাল শইকীয়াই কয় যে কাতি আচলতে কঙালী নহয়, কল্যাণ কাৰী মাহহে। আমি আমাৰ বাপতি সাহোনক ভালদৰে উদযাপন কৰিব লাগে।