মন যায়, ৰণাংগন,সন্ধিক্ষণ,আহি আছে আৰু শেহতীয়াকৈ মুক্তিলাভ কৰা বন্ধুৰ দৰে জনপ্ৰিয় অসমীয়া চলচিত্ৰৰ চিত্ৰনাট্যকাৰ ডাঃ নয়নজ্যোতি তালুকদাৰৰ চিত্ৰনাট্য-সংলাপেৰে সজোৱা তথা ইতিপূৰ্বে কেইবাখনো সমাদৃত অসমীয়া চলচিত্ৰ অসমৰ দৰ্শকক উপহাৰ দিয়া জনপ্ৰিয় চলচিত্ৰ পৰিচালক প্ৰণৱজ্যোতি ভড়ালীৰ পৰিচালনাত নিৰ্মাণ কৰা নতুন অসমীয়া চলচিত্ৰ ‘চিলনী চোৰ’ৰ দৃশ্য-শ্ৰাব্য গীতসমূহ মুকলি কৰা হয়৷ দেওবাৰে দিশপুৰ প্ৰেছ ক্লাবত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতসমূহ মুকলি কৰি পৰিচালক ভড়ালীয়ে গীতসমূহ শ্ৰোতা দৰ্শকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে ছবিখনো সমানে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে৷ ‘অসমৰ বিভিন্ন ঠাইৰ চাৰিজন নিবনুৱাই কৰ্মসন্ধানৰ বাবে গুৱাহাটী মহানগৰীলৈ আহি কেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মুখামুখি হ’বলগীয়া হয়, তাৰেই এক সুন্দৰ কাহিনীৰে বাস্তৱধৰ্মী কাহিনীৰে সজোৱা হৈছে ‘চিলনী চোৰ’ চিত্ৰনাট্য৷ ‘ৰণাংগণ’ [২০১৩], ‘ইপাৰ-সিপাৰ’ [২০১৭] ৰ দৰে জনপ্ৰিয় ছবি পৰিচালনা কৰা পৰিচালক ভড়ালীৰ তৃতীয়খন ছবি ‘চিলনী চোৰ’ৰ সম্প্ৰতি সম্পাদনাৰ কাম-কাজ সমাপ্ত হৈ চেঞ্চৰৰ বাবে প্ৰস্তুতি চলাই আছে৷ বাংগালুৰুৰ ‘বৰছনছ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনিৰ প্ৰযোজক পৰেশ বৰা৷ গুৱাহাটী, ৰঙাপাৰা, চতিয়া, মেঘালয়ত দৃশ্যগ্ৰহণ শেষ হোৱা ‘চিলনী চোৰ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিনেমাট’গ্ৰাফাৰ প্ৰফুল্ল ৰাভাই৷ সংগীত পৰিচালনা কৰিছে বিমান বৰুৱা আৰু অহীৰ ভৈৰৱে৷ চাৰিটি গীত সন্বিৱিষ্ট ছবিখনিৰ বাবে জুবিন গাৰ্গ, সুবাসনা দত্ত, দিক্ষু শৰ্মা, আচুৰ্য বৰপাত্ৰ আৰু নিতুল দাধৰাই গীতসমূহত কণ্ঠ নিগৰাইছে৷ গীতিকাৰ ৰবচন বৰুৱা, কেশৱ নয়ন, আৰ্য নীল আৰু বিমান বৰুৱা, ছবিখনিৰ মুখ্য সহকাৰী পৰিচালক ভৱেশ নাথ আৰু সহকাৰী পৰিচালক পুলক শিৱম৷ এক্সন কম্প’জাৰ প্ৰণৱ মেধি৷ চিলনী চোৰৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– অৰুণ হাজৰিকা, দেবানন্দ শইকীয়া, ঝুলেন ভূঞা, নীলাক্ষী দেৱী, ছাজু আহমেদ, প্ৰণৱ দত্ত, জ্যোতিস্মান শৰ্মা,নীল তামুলী, কংকণ দে, নিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দ্বীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ, অনুপম শইকীয়া আদিয়ে৷ নৃত্য নিৰ্দেশক– উদয় শংকৰ আৰু ৰাজু দাস৷
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন