দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ সভাকক্ষত আজি প্ৰগতিশীল কবি,সাংবাদিক মিলন মহন্তৰ তৃতীয় কাব্যগ্ৰন্থ ‘আমি দুখত নাই’ উন্মোচন কৰে অসমৰ বিশিষ্ট কবি নীলিম কুমাৰে। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ লেখক,কবি ধনমণি দাসে আঁত ধৰা আৰু এই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজ্যোতি দাসৰ সঞ্চালনাত অনুষ্ঠিত এই উন্মোচনী সভাত কবি নীলিম কুমাৰে কয় কবিতাক আমি সাধাৰণ মানুহৰ মাজলৈ লৈ যাব লাগিব। ইয়াৰ দায়িত্ব কবিসকলৰ ওপৰতেই। মিলন মহন্তই মানুহৰ পক্ষত থাকি কবিতা লিখিছে।কবিতাক মানুহৰ লগত আৰু মানুহক কবিতাৰ লগত সম্পৰ্কিত কৰিব পৰাকৈ তেওঁ এটা অৱস্থাৰ সৃষ্টি কৰিছে। আমি দুখত নাই কথাষাৰেৰে কবিয়ে তীব্ৰ ব্যংগ কৰি মানুহৰ অপাৰ দুখৰ কথাকেই ব্যঞ্জিত অৰ্থত কৈছে।মালিয়াটা অফছেট প্ৰেছ মিৰ্জাৰ স্বত্বাধিকাৰী মনোজ কুমাৰ দাসে প্ৰকাশ কৰি উলিওৱা ২৪০ টা কবিতাৰে মিলি মুঠ ৩৬৫ পৃষ্ঠাৰ এই কাব্যগ্ৰন্থ ‘আমি দুখত নাই” এই কাব্যগ্ৰন্থৰ উন্মোচনী সভাখনি মুকলি কৰি প্ৰগতিশীল লেখক মইনা গোস্বামীয়ে কয় প্ৰতিজন মানুহেই পঢ়ুৱৈ। কিন্তু এতিয়াও সকলো মানুুহেই পঢ়িব পৰাৰ অৱস্থা গঢ়ি উঠা নাই। প্ৰতিজন মানুহেই কবি। কিন্তু প্ৰতিজন মানুহৰে কবিসত্তা জাগি উঠা নাই। মিলন মহন্তৰ কবিতা মানে সকলোৰে বুকুৰ কথাবোৰ তেওঁ লিখিব খুজিছে। প্ৰতিবাদ বিক্ষোভ তেওঁৰ কবিতাৰ বক্তব্য। প্ৰগতিশীল লেখক নৃপেন শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কবিতা আৰু মানুহৰ যি সম্পৰ্ক তাক নিকট কৰাৰ প্ৰয়াসত কবি মহন্ত ব্ৰতী বুলি কয়। ভৱিষ্যত তেওঁ মানুহৰ মাজতে থাকিব বুলি তেওঁ মত প্রকাশ কৰে। কবি,সাংবাদিক মিলন মহন্তই কয় তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। এয়া তেওঁৰ দ্বিতীয় জন্ম বুলি কয়। মানুহৰ দুখ যন্ত্ৰণাৰ বিষয়ে লিখি তেওঁ নিজৰ সামাজিক দায়বদ্ধতাৰ কথা দাঙি ধৰিছে বুলি উল্লেখ কৰে। এই উন্মোচনী সভাত শিক্ষাবিদ মায়াৰাম দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাৰ অধ্যক্ষ ড.নৰকান্ত অধিকাৰী, বিশিষ্ট কবি অধীৰ চন্দ্ৰ দাস, শিল্পী আনন্দ দাস,সুজলা বৈশ্য,ৰুণু বৰ্মন,গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সাহিত্য সম্পাদক নৱকান্ত বৰুৱাই অংশগ্ৰহণ কৰি ভাষণ, গীত,আবৃত্তি পৰিৱেশন কৰে। আনহাতে কবি মিলন মহন্তৰ চতুৰ্থ কাব্যগ্ৰন্থৰো কাম অব্যাহত থকা বুলি কয়।
Trending
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare