কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ফাঁচী বজাৰৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ কাছমাৰি ঘাটত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত লাচিত বৰফুকনৰ ৪০১ সংখ্যক জয়ন্তী পালন কৰা হয়৷ লাচিত দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়া, জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন সভা৷ সভাত ভাষণ দি সাংসদ কুইন ওজাই লাচিত বৰফুকনক দেশ আৰু বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ পৌৰপতি মৃগেন শৰনীয়াই কয় যে লাচিত বৰফুকনৰ সাহস আৰু বীৰত্বই অসমীয়া জাতিক আজিও উদ্বুদ্ধ কৰি ৰাখিছে৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আহোম সেনাপতি লাচিত বৰফুকনৰ যুদ্ধ কৌশল আৰু জটিল সময়ত নেতৃত্ব দিয়াৰ দক্ষতা আদি বিষয়ত অধ্যয়নৰ যথেষ্ট সুযোগ থকা বুলি কৈ নতুন প্ৰজন্মৰ শিক্ষাৰ্থী আৰু গৱেষকক এইক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ সভাত সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুৰাণী বৰ্মন আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি লাচিত বৰফুকনৰ যুদ্ধকৌশল সন্দৰ্ভত আলোকপাত কৰে৷ লাচিত দিৱসৰ সৈতে সংগতি ৰাখি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক এই সভাতে পুৰস্কাৰ প্ৰদান কৰা হয়৷ গুৱাহাটী পৌৰ নিগমৰ কেবাগৰাকী পাৰিষদ, জিলা প্ৰশাসন, পৌৰ নিগমকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বহুসংখ্যক ৰাইজ সভাখনত উপস্থিত থাকে।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা